জোনাকত জিলিকা নিয়ৰ (খণ্ড-০১)

©Admin
0


কিমান আনন্দ পালে মানুহৰ চকুলো বয়?কিমান দুখ পালে কান্দিবলৈ পাহৰে,কিমান আঘাত লাগিলে মনৰ সেউজীয়া ৰং ধূসৰ হৈ পৰে?
এনে কিছুমান প্ৰশ্নই জোনাকৰ মনটো দোলা দি গ'ল।চোতালত বহি আকাশলৈ চালে।প্ৰতি সন্ধ্যাই সি এনেদৰে বহি বহুত কথা ভাবে।আগতে এনদৰে বহিবলৈ সময় পোৱা নাছিল যদিও এতিয়া তাৰ হাতত অফুৰন্ত সময়।
পূৰ্ণ চন্দ্ৰই আকাশ খন সিচৰতি কৰি দিছে তাৰ ৰূপালী আভা।চাৰিও ফালে এক শান্ত-সমাহিত পৰিৱেশ। এনে এক পৰিৱেশত সি কিয় আপোন পাহৰা হ'ব পৰা নাই?
তাৰ ভাল খবৰটো শুনি সকলোৱে আনন্দ পাইছিল।বহু দিনৰ মূৰত তিনিও খন ঘৰতে এক উখল-মাখল পৰিস্থিতিৰ সৃষ্টি হৈছিল।অলপ সময়ৰ বাবে পাহৰি গৈছিল সকলো।তাৰ মনটো ভাল লাগিছিল।
সিহঁতে পঢ়া কলেজ খনতে সি ইংৰাজী বিষয়ৰ প্ৰৱক্তা পদত নিযুক্তি পোৱা খবৰটো শুনি তাৰ মাক বাপেকৰ লগতে ভাস্কৰ আৰু নিয়ৰ হঁতৰ ঘৰটো এটা পৰিৱৰ্তনে দেখা দিছিল।
ভাস্কৰৰ মাকে(যাক সি খুৰী বুলি মাতে)খবৰটো শুনি তাৰ মূৰত হাত বুলাই মৰম কৰিছিল।কিন্তু এই আনন্দত যোগ দিব পৰা নাছিল সি।হয়তো আন এজনেও যি বাহিৰৰ জগত খনৰ একো খবৰেই ৰখা নাই।জোনাকৰ মনটোৱে বাৰে বাৰে বিচাৰিছিল ভাস্কৰক।তাৰ এনে লাগিছে যেন ভাস্কৰ মনে মনে আহি তাৰ পিঠিত ঢকা এটা দি ক'ব "ভালেই হ'ল দে তোক পণ্ডিত বুলি মতা সাৰ্থক হ'ল।

আগলৈ

📝দ্বীপ দীপাংকৰ লাহন
বিশ্বনাথ,গহপুৰ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)