কিমান যন্ত্রনা সহি
চিৰাল ফটা পথাৰত
ফটা তলুৱাৰে হাল বাই
মহাজনৰ পথাৰত
মনোহৰ কাই ৷
তেওঁৰ যে হাত ভৰি বন্ধা
একেখন টিয়নিৰে
দিন ৰাতি কটাই
ফটা তলুৱাৰে তেজ বিৰিঙে
ইকৰাৰ নাৱেৰে
তেল পুৰি দিবলৈ
মাকনি নিৰুপায় ৷
মহঙা বটলৰ তেলটোপা
কেৰাহীত দিবনে
মনোহৰৰ ভৰি সেকিব ?
তাৰ ভাবোতেই
মনোহৰ টোপনী যায়
মাকনিৰ তেতিয়া
চকুলো ওলায় ৷
কাইলৈ বোলে একাচি চ'ৰা
পথাৰত বাওধান সিচিব
মনোহৰৰ ভৰিৰ তেজ
আকৌ বেচিকৈ ওলাব ৷
মাকনিয়ে কাইলৈ
চকুপানী বেচিকৈ টুকিব ৷
📝হেমেন হাজৰিকা
মিৰ্জা
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ