(পৰিৱেশ দিৱসৰ চিন্তা) অৰ্থনীতিৰ তুলাচনীত প্ৰকৃতিৰ দৰ কিমান

Rinku Rajowar
0
ক’ভিড-১৯ মহামাৰীয়ে সমগ্ৰ বিশ্বতে ধন-জনৰ হানি কৰি একবিংশ শতিকাৰ অহংকাৰী মানৱ জাতিক প্ৰকৃতিৰ শ্ৰেষ্ঠতাক মানি ল’বলৈ বাধ্য কৰাইছে বুলি চাৰিওফালে চৰ্চিত হৈ থকাৰ সময়তে অৰ্থনৈতিক প্ৰয়োজনীয়তাত অসমৰ দিহিং পাটকাইৰ দৰে বৰ্ষাৰণ্যক ঢাল হিচাপে ব্যৱহাৰ কৰা হ’ব বোলা বাতৰিটোৱে আন এখন বিপৰীত ছবি ডাঙি ধৰিছে৷ আম্ফানৰ দৰে বিধ্বংসী ঘূৰ্ণিবতাহে বিস্তৰ ক্ষতিসাধন কৰি প্ৰকৃতিৰ শ্ৰেষ্ঠতা প্ৰতিপন্ন কৰিছে৷ আনহাতে বিশ্বৰ চতু্ৰ্থ বৃহৎ অৰ্থনীতি বুলি আমি ঢাক-ঢোল বজোৱা ভাৰতবৰ্ষই আৰ্থিক জোৰ লগাইও অসমৰ বানপানী সমস্যাটোকে আজিকোপতি সমাধান কৰিব পৰা নাই৷ অৰ্থনীতি আৰু প্ৰকৃতিৰ মাজত চলা শ্ৰেষ্ঠতাৰ অঘোষিত প্ৰতিযোগিতাখনিত মানুহে সদায় পৰাজয় বৰণ কৰি আহিছে৷ 
কৌটি কৌটি বছৰৰ আগেয়ে প্ৰকৃতিৰাজ্যত জন্ম হোৱা মানুহে প্ৰকৃতিৰ বুকুতে খাইছিল, শুইছিল, বংশ বৃদ্ধি কৰিছিল৷ প্ৰকৃতিয়েই আছিল মানুহৰ ভগৱান, আশ্ৰয়দাতা আৰু শিক্ষক৷ ধুমুহা-বৰষুণ, বিজুলী-বজ্ৰপাত দেখি ভয়ত কম্পমান হৈ আদিম মানুহে আশ্ৰয় লৈছিল গছৰ ধোন্দত বা পাহাৰৰ গুহাত৷ দিনত সূৰ্য আৰু ৰাতিৰ জোন-তৰাৰ আকাশখনক মানুহে বিস্ময়ৰে চাইছিল৷ পৰ্বতৰ পৰা বাগৰি অহা শিলৰ পিছে পিছে দৌৰি প্ৰাণ ৰক্ষা কৰিছিল, সৰ্পদংশনত মৃত্যুমুখত পৰিছিল৷ পিছৰ কালত চন্দ্ৰ, সূৰ্য, শিল, বৃক্ষ, সৰ্প আদিকে ভগৱান বুলি আৰাধনা কৰিবলৈ আৰম্ভ কৰিছিল৷ গছৰ গুটি মাটিত পৰি নতুন গছ হোৱালৈ চাই মানুহে খেতি কৰিবলৈ শিকিছিল, জুই জ্বলাবলৈ শিকিছিল শিলৰ পৰা, ঘৰ সাজিছিল চৰাইক দেখি৷ প্ৰকৃতিৰ পৰাই জ্ঞান অৰ্জন কৰি কালৰ সোঁতত আদিমৰ পৰা ‘আধুনিক’ হৈ মানুহে নিজকে প্ৰকৃতিতকৈ শ্ৰেষ্ঠ প্ৰতিপন্ন কৰাৰ ধৃষ্টতা কৰিবলৈ ল’লে৷ মানুহ আৰু প্ৰকৃতিৰ সংঘাটৰ এয়াই পাতনি৷ অৰ্থনীতি টনকিয়াল কৰাৰ স্বাৰ্থত প্ৰাকৃতিক সম্পদৰ লুন্ঠন চলিবলৈ ধৰিলে৷ মানুহে নতুন দেশ আবিষ্কাৰ কৰিলে; ভূগৰ্ভৰ পৰা আৰম্ভ কৰি সাগৰ তলিলৈকে সম্পদ আহৰণৰ কৌশল উদ্ভাৱন কৰিলে৷ সমান্তৰালভাৱে বনাঞ্চলৰ ধ্বংস-যজ্ঞ চলিল; বন্যপ্ৰাণীয়ে আশ্ৰয় হেৰুৱালে; লক্ষ লক্ষ প্ৰাণী আৰু উদ্ভিদৰ জীৱন বিপদাপন্ন হ’ল, অনেক জীৱৰ বিলুপ্তি ঘটিল৷  
বিংশ শতিকাৰ শেষৰ ফালে গোলকীয় উষ্ণতা বৃদ্ধি, জলবায়ুৰ পৰিৱৰ্তন, অতি বেঙুনীয়া ৰশ্মিৰ প্ৰৱেশ আদি গোলকীয় প্ৰাকৃতিক দুৰ্যোগে মানুহক পৰিৱেশ সম্পৰ্কে কিছু সচেতন কৰিবলৈ ধৰিলে যদিও সেই সচেতনতা কেৱল কাগজ-কলম আৰু আভুৱা ভঁৰা আইন কানুনতে সীমাৱব্ধ হৈ থাকিল৷ বছৰৰ বিশেষ দিন এটাত ভাষণৰ ফুলজাৰিৰে পৰিৱেশ দিৱস পাতি, আনক দেখুৱাই দুটামান গছ পুলি ৰুইয়েই প্ৰকৃতি ৰক্ষাৰ যো-জা কৰা  হ’ল৷ 
কিছুদিন আগেয়ে কেৰেলাৰ চাইলেন্ট ভেলি ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই যোৱা গৰ্ভৱতী হাতী এজনীক আতচবাজী ভৰাই থোৱা আনাৰস খোৱাই পেটৰ পোৱালীৰ সৈতে নিৰ্মমভাৱে হত্যা কৰা হ’ল৷ আমাৰ অসমতে যোৱাবছৰ বনত মুকলিমূৰীয়াকৈ বিচৰণ কৰি ফুৰা লাডেন নামৰ হাতীটোক মানুহে হত্যা কৰিলে৷ টকা পইছাৰ লালসাত বনাঞ্চল কাটি ধনেৰে টনকীয়াল হয় এচাম চহকী মানুহ৷ আনহাতে হাতী-মানুহৰ সংঘাটত সদায় ক্ষতিগ্ৰস্ত হয় দৰিদ্ৰসকলহে৷  
বেছিভাগ প্ৰাকৃতিক দুৰ্যোগৰ কাৰণে মানুহৰ কাৰ্যকলাপেই জগৰীয়া৷ পাহাৰৰ গছ-গছনি কাটি তহিলং কৰা কাৰণেই ভূমিস্খলনত অনেক লোকৰ প্ৰাণ যায়৷ কিছুদিন আগেয়ে পাহাৰৰ মাটি খঁহি বৰাকত ২৪ জন লোকৰ মৃত্যু ঘটিল৷ নদীৰ স্বাভাৱিক গতিপথত মানৱসৃষ্ট অৱয়বে বাধা হৈ থিয় দিয়া বাবেই প্ৰতিবছৰে বানপানী সমস্যা বাঢ়িব লাগিছে৷ কল-কাৰখানা আৰু বিলাসী সামগ্ৰীৰ পৰা নিৰ্গত প্ৰদূষকে সেউজ গৃহ প্ৰভাৱৰ যোগেদি  গোলকীয় উষ্ণতা বৃদ্ধি কৰিছে৷ ইয়াৰ ফলত অদূৰ ভৱিষ্যতে মেৰু অঞ্চলৰ বৰফ গলি অনেক উপকূলীয় ঠাই পানীত বুৰ যোৱাৰো আশংকা কৰা হৈছে৷ মানৱসৃষ্ট প্ৰদূষকে আনহে নেলাগে, ভূ-পৃষ্ঠৰ পৰা ভালেমান কিলোমিটাৰ ওপৰত থকা অ’জন স্তৰতো ফুটা কৰি ক্ষতিকাৰক অতি বেঙুনীয়া ৰশ্মিক পৃথিৱীলৈ আহিব দিছে৷ এনে মানৱসৃষ্ট প্ৰাকৃতিক দুৰ্যোগসমূহৰ ফলত প্ৰতিবছৰে হেজাৰ হেজাৰ কোটি টকাৰ ব্যয় হৈছে৷ এনে ব্যয় ভৱিষ্যতলৈ অধিক বৃদ্ধি পোৱাৰ আশংকা আছে৷ গতিকে, প্ৰকৃতিৰ ধ্বংস-যজ্ঞ চলাই হ্ৰস্বকালত অৰ্থনৈতিক বিকাশ আহৰণ কৰিব পাৰি যদিও দীৰ্ঘকালত অনেক আৰ্থিক ক্ষতিৰ সন্মুখীন হ’বলগা  হয়৷ 
কেৱল আৰ্থিক লাভালাভৰ কাৰণেই প্ৰকৃতিক এমূৰৰ পৰা ক্ষতি কৰিবলৈ লোৱা হৈছে৷ আনহে নেলাগে, প্ৰদূষণ নিয়ন্ত্ৰণৰ কাৰণে প্ৰশাসনে আৰোপ কৰা কৰ আৰু জৰিমনা আদিকো প্ৰদূষণ হ্ৰাস কৰাৰ সলনি কেৱল চৰকাৰী ৰাজহ বৃদ্ধিৰ উপায় হিচাপেহে গ্ৰহণ কৰা হৈছে৷ প্ৰদূষণ পৰীক্ষণ কেন্দ্ৰসমূহে নিৰ্দিষ্ট মাচুল লৈ সংশ্লিষ্ট বাহনখনৰ কোনো পৰীক্ষা নকৰাকৈয়ে চিল-মোহৰ মাৰি প্ৰদূষণ নিয়ন্ত্ৰিত বাহন বুলি প্ৰমান-পত্ৰ (Pollution Under Control Certificate) প্ৰদান কৰে৷ ছমাহৰ মূৰত পুনৰ নিৰ্দিষ্ট মাচুল দি পৰৱৰ্তী ছমাহৰ কাৰণে প্ৰদূষণ নিয়ন্ত্ৰণৰ প্ৰমাণ পত্ৰখনি নবীকৰণ কৰা হয়৷ গোটেই প্ৰক্ৰিয়াটোত বাহনখনে কৰা প্ৰকৃত প্ৰদূষণৰ কোনো মাপ-জোখ লোৱা নহয়৷ বিকট শব্দৰে ধুলি-ধোঁৱাৰে কোলাহল কৰা অথচ প্ৰদূষণ নিয়ন্ত্ৰিত বুলি প্ৰমাণ পত্ৰ থকা অনেক যান বাহন সেয়েহে আমাৰ আলিয়ে গলিয়ে চলি থকা দেখিবলৈ পোৱা যায়৷
অৰ্থনীতিৰ স্বাৰ্থতো প্ৰকৃতি সংৰক্ষণ অত্যাৱশ্যকীয়৷ চলিত প্ৰজন্মৰ উন্নয়নৰ সাৰথি হোৱাৰ লগতে ভৱিষ্যৎ প্ৰজন্মৰ আৱশ্যকীয় অৰ্থনৈতিক প্ৰয়োজনীয়তাৰ বাবেও যাতে যথেষ্ট পৰিমাণে প্ৰাকৃতিক সম্পদ ৰৈ যায় তাৰ নিশ্চিতকৰণেৰে চলাই নিয়া অৰ্থনৈতিক উন্নয়ন নীতিক বহনক্ষম উন্নয়ন বোলা হয়৷ অৰ্থনৈতিক প্ৰয়োজনীয়তা, দ্ৰুত জনসংখ্যা বৃদ্ধিৰ চাপ আৰু দেশসমূহৰ মাজত চলা অঘোষিত প্ৰতিযোগিতাই প্ৰাকৃতিক সম্পদৰ ভঁৰাল দিনক দিনে খহাই নিছে৷ সম্পদৰ লালসা আৰু আৱশ্যকতাত মানুহে সাগৰ তলিৰ পৰা আৰম্ভ কৰি ব্ৰহ্মাণ্ডৰ অন্য গ্ৰহতো অন্বেষণ চলাইছে৷ আমি এৰি থৈ যোৱা সম্পদহীন পৃথিৱী এখনত আমাৰ ভৱিষ্যৎ প্ৰজন্মই কিদৰে নিজা অৰ্থনৈতিক প্ৰয়োজনীয়তাসমূহ পূৰণ কৰিব সেই প্ৰশ্নটোৱে প্ৰতিজন চিন্তাশীল মানুহৰ মন-মগজু জোকাৰি গৈছে৷    
বহনক্ষম উন্নয়নৰ কাৰণে সবাটোকৈ আৱশ্যকীয় দিশ প্ৰাকৃতিক পৰিৱেশৰ সংৰক্ষণ আৰু সেই সম্পৰ্কীয় সজাগতা সৃষ্টিৰ ক্ষেত্ৰতো ভাৰতবৰ্ষ পুতৌলগাকৈ পিছপৰি আছে৷ পাৰিপাৰ্শ্বিক ভাৰসমতা ৰক্ষাৰ কাৰণে দেশ এখনৰ মুঠ ভৌগোলিক অঞ্চলৰ কমেও ত্ৰিশ শতাংশ ঠাই বনাঞ্চলেৰে ভৰি থাকিব লাগে, কিন্তু ভাৰতবৰ্ষত মাত্ৰ ২১.৫৪ শতাংশ ঠাইহে অৰণ্যৰে আবৰি আছে৷ কাগজে-কলমে সংৰক্ষিত অঞ্চল বুলি চিহ্নিত বহু বন-অৰণ্য ইতিমধ্যে জন-অৰণ্যলৈ সলনি হৈছে৷ ২০০১ চনৰ পৰা ২০১৮ চনৰ এই সময়চোৱাত ভাৰতবৰ্ষই ১,৬২৫,৩৯৭ হেক্টৰৰ বনভূমি হেৰুৱাইছে৷
প্ৰত্যক্ষ বিদেশী বিনিয়োগ (Foreign Direct Investment) গোলকীকৰণৰ পিছৰে পৰা ভাৰতীয় অৰ্থনীতিৰ কেৱল এক পৰিচিত নামে হৈ পৰা নাই, ভাৰতৱৰ্ষৰ দ্ৰূততৰ অৰ্থনৈতিক উন্নয়ন নিশ্চিতকৰণত ইয়াৰ সক্ৰিয় ভূমিকা ইতিমধ্যেই প্ৰমাণিত হৈছে৷ সেয়েহে চৰকাৰে বিদেশী বিনিয়োগকাৰীক আকৰ্ষিত কৰিবলৈ যৎপৰোনাস্তি চেষ্টা চলাই আহিছে৷ প্ৰত্যক্ষ বিদেশী বিনিয়োগক আকৰ্ষণ কৰা মূল কাৰকসমূহ হ’ল সুচল আন্তগাঠনি, অনুকুল ব্যৱসায় পৰিৱেশ, কেঁচামালৰ অৱস্থিতি আৰু এক বিকশিত বজাৰ অৰ্থনীতি৷ বিদেশী বিনিয়োগকাৰীক আকৰ্ষিত কৰা এই বিষয়কেইটিৰ উপৰিও শেহতীয়া গৱেষণাই প্ৰমাণিত কৰা অন্য এক গুৰুত্বপূৰ্ণ কাৰক হ’ল পৰিৱেশ সম্পৰ্কীয় আইন কানুনসমূহৰ দৃঢ়তা৷ কঠোৰ আইন কানুনে উৎপাদনকাৰীক প্ৰদূষণ নিয়ন্ত্ৰণ কৰাবলৈ বাধ্য কৰায় আৰু তাৰ ফলত উৎপাদন ব্যয় বৃদ্ধি পায়৷ সেয়েহে পৰিৱেশ প্ৰদূষণ সম্পৰ্কে যিবিলাক দেশৰ আইন কানুন তুলনামূলকভাৱে শিথিল তেনেবোৰ দেশৰ প্ৰতি বিনিয়োগকাৰীসকল আকৰ্ষিত হয়৷ সেই একেটা কাৰণতে ভাৰতবৰ্ষৰ দৰে উন্নয়নশীল দেশসমূহে বিদেশী বিনিয়োগকাৰীক আকৰ্ষিত কৰাৰ কৌশল হিচাপে পৰিৱেশ সম্পৰ্কীয় আইনসমূহ তুলনামূলকভাৱে শিথিল কৰি ৰাখিছে বুলি গৱেষণাই প্ৰমাণিত কৰিছে৷ ইয়াৰ ফলত প্ৰত্যক্ষ বিদেশী বিনিয়োগে অৰ্থনৈতিক উন্নয়ন সাধন কৰাৰ লগে লগে পৰিৱেশৰো ক্ষতি কৰিছে৷
বিভিন্ন দেশৰ পৰিৱেশ সম্পৰ্কীয় আইন কানুনৰ কঠোৰতা নিৰ্ধাৰণ কৰিবলৈ আন্তৰ্জাতিক অনুষ্ঠান OECD য়ে এক সূচকৰ বিকাশ সাধন কৰিছে৷ প্ৰদূষণ নিয়ন্ত্ৰণ আৰু পৰিৱেশৰ ৰক্ষণাবেক্ষণৰ বাবে দেশসমূহে গ্ৰহণ কৰা প্ৰায়বোৰ নিয়ন্ত্ৰক আহিলাক বিশেষ পাৰিসাংখ্যিক কৌশলেৰে সংঘৱদ্ধ কৰি তৈয়াৰ কৰি উলিওৱা এই ‘Environmental Regulation Stringency Index’ য়ে দেখুৱাইছে যে উন্নত দেশসমূহৰ তুলনাত ভাৰতবৰ্ষৰ পৰিৱেশ সম্পৰ্কীয় আইন কানুনসমূহ যথেষ্ট শিথিল৷ গৱেষণাত উদ্ধাৰ হৈছে যে উন্নত দেশসমূহৰ সৈতে পৰিৱেশীয় আইন কানুনৰ দৃঢ়তাৰ পাৰ্থক্য যিমানেই বৃদ্ধি পাইছে সেইবোৰ দেশৰ পৰা ভাৰতবৰ্ষলৈ অহা প্ৰত্যক্ষ বিদেশী বিনিয়োগ সিমানে বৃদ্ধি পাইছে৷ ই ইয়াকে সূচাইছে যে আমাৰ দেশত বিদেশী বিনিয়োগ আকৰ্ষণ কৰিবৰ কাৰণে পৰিৱেশ ৰক্ষণাৱেক্ষণৰ ক্ষেত্ৰত আপোচ কৰা হৈছে৷
নিজা পৰিৱেশ বিশুদ্ধ কৰি ৰাখিবৰ বাবে উন্নত দেশবোৰে প্ৰদূষণ সৃষ্টিকাৰী ‘লেতেৰা সামগ্ৰী’ (Dirty Good) বোৰ অনুন্নত দেশবোৰত প্ৰস্তুত কৰে আৰু মূলধনৰ অভাৱত ভুগি থকা অনুন্নত দেশবোৰেও অৰ্থনৈতিক উন্নয়নৰ স্বাৰ্থত তেনে বৈদেশিক বিনিয়োগক আদৰণি জনায়৷ তাৰ ফলত অনুন্নত দেশসমূহ প্ৰদূষিত সামগ্ৰীৰ ৰপ্তানী কেন্দ্ৰ হৈ পৰে৷ বিদেশী বিনিয়োগে অৰ্থনৈতিক উন্নয়ন সাধন কৰে ঠিকেই কিন্তু তাক আকৰ্ষণ কৰিবৰ বাবে যদি পৰিৱেশীয় আইন-কানুনৰ কঠোৰতা হ্ৰাস কৰা হয়, তেনে কৌশলে বহনক্ষম উন্নয়নৰ সপোনক চাৰখাৰ কৰি পেলায়৷ প্ৰাকৃতিক পৰিৱেশৰ অৱনতি ঘটাই অৰ্জন কৰা উন্নয়ন দীৰ্ঘস্থায়ী নহয়৷ ভাৰতৱৰ্ষই যদি শিথিল পৰিৱেশীয় আইনক আৰ্থিক উন্নয়ন আহৰণৰ চমু পথ হিচাপে ব্যৱহাৰ কৰিছে তেনে অদূৰ ভৱিষ্যতে তাৰ কুফল ভাৰতীয় অৰ্থনীতিয়ে ভোগ কৰিব লাগিব৷ প্ৰাকৃতিক পৰিৱেশক বন্ধকত থৈ আহৰণ কৰা অৰ্থনৈতিক বিকাশ কেতিয়াও দীৰ্ঘম্যাদী হ’ব নোৱাৰে ৷

📝কৰুণা ফুকন
সহকাৰী অধ্যাপক, ডিগবৈ মহাবিদ্যালয় 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)