নিজুৱে মাকৰ পৰা অনুমতি ল'লে' " মা মই ৰূপমৰ লগত নদীত গা ধুবলৈ যাওঁনে " ?
মাকে ক'লে," যোৱাকালি টিভিৰ
বাতৰি শুনা নাই নেকি" ? নদীখন ফেনে ফোটোকাৰে বাঢ়ি আহিছে । নাযাবি, ইমান ডাঙৰ নদীত সৰু ল'ৰাই কেনেকৈ সাতুৰিবি আৰু তহঁতি ভৱাৰ দৰে নদীত সাঁতোৰাতো বৰ সহজ নহয় । পানীৰ সোঁত দ নদীবােৰত ভিতৰতহে বেছি হ'য় । দেখা নাই সেইদিনা আমফান হোৱাৰ দুদিনৰ পাছত আমাৰ ৰাস্তাৰ ওপৰেদি বৈ যোৱা পানীখিনিতে আমি পেহীহঁতৰ ঘৰলৈ যাওঁতে পাৰ হ'ব পৰা নাছিলো । তাতেই ইমান সোঁত আৰু নদীৰ সোঁত কিমান ভয়াবহ !! নদীত বাৰিষাৰ সময়ত কোনোদিন গা নুধুবি । খৰালিত একেবাৰে নদীখন যেতিয়া দ হৈ নাথাকে তেতিয়া দেউতাৰে লৈ যাব । ঘৰতে বেলেগ খেল খেলি থাক ।
ৰূপমে তাৰ মাকৰ কথাষাৰৰ গুৰূত্বই নিদিলে আৰু গাৱঁৰে চন্দনক লগ ধৰি গা ধুবলৈ বুলি নদী পালেগৈ ।
নিজুৱ মাকৰ কথা শুনি ঘৰতে খেলি থাকিল । সন্ধ্যাৰ পৰা গধূলিলৈকে গাওঁখনত হোৱা- দুৱা লাগিল । ৰূপম আৰু চন্দন ঘৰ পোৱাহি নাই । গাঁৱৰ মানুহে থানাত খবৰ দিলে আৰু গাৱঁৰ ডেকাচামে নদীৰ পাৰে পাৰে বিচাৰি গ'ল । কিন্তু, ৰাতিখন নদীত মানুহ বিছাৰি যাৱ কেনেকৈ ইমান এন্ধাৰ । টিভিৰ নিউজত দুটা ল'ৰা গা ধুৱলৈ গৈ সন্ধানহীন বুলি বাতৰি দি আছে মাক আৰু নিজুৱে চাই আছিল - আৰু সি মাকক সুধিলে , " মা কেতিয়া সিহঁতক বিচাৰি পাব" ?
মাকে ক'লে , " নদীত পৰিলে পাব নে নাই সন্দেহ , নাপাবও পাৰে " । নিজুৰ চকুৱেদি চকুলো বৈ আহিল বন্ধু হেৰুৱাৰ দুখত আৰু একোণেদি ভাৱিলে -ইসঃ মই মাৰ কথা শুনিলো । হে প্ৰভু ধন্য ।
🖍মীনা পামে গাম
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ