জোনেও জ্বলালে শিখা
আন্ধাৰ আকাশ তৰাৰ তিৰবিৰণি
দিনৰ দিনটোৰ পৰত
কাম কৰি ভাগৰি
ভদ্ৰলোক গৈছে টোপনি
এই মাজনিশা
চোৰৰ কি ৰং চাবা
মনত মাতাল হৈ
কৰিছে আখৰা
নিজান পথত ফুৰিছে
বলৎকাৰী বীৰ
অসুৰক্ষিত দেশৰ নাৰী
শিশুৰ কোলাহল টাংগুটি খেল
নেখেলা হ'ল
শিশু শূন্য চোতাল ,পথ
মহামাৰী কৰ'নাৰ আতংকত
আজি ভয়ভীত মানৱ সংসাৰ ৷
হবনে নিৰাময় কৰ'নাৰ
নে মানৱজাতিটো নিশেষ ?
প্ৰশ্নৰ ওপৰত প্ৰশ্ন
নাই কোনো সমাধান ৷
📝দুলাল ৰবিদাস
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ