আত্মজ্ঞান

©Admin
0
মাজৰাতি চোতালত অকলে বহি আছোঁ ।
অৱচেতন কৰ্মেন্দ্ৰিয়ত কামনাৰ কিৰিলি 
ক্ষণিকৰ আলিঙ্গন বিচাৰি বিচাৰি 
আত্মজ্ঞান বলিদান দিওঁ 
তোমাৰ বক্ষ , নাভি ,
ঊৰু আৰু নিতম্বৰ
কাতৰ বন্দনাত ।

অকস্মাৎ ৰজনীৰ নিৰ্জনতা ফালি 
কোনোবা মাতাল প্ৰেমিকৰ বেসুৰীয়া ধ্বনি 
ঢলং - পলংকৈ মোৰ সন্মুখৰ পথটোৰে 
পাৰহৈ যায় ।

ৰাতি ৰাতি নিয়ৰ ফালি যোৱাতকৈ 
ধেৎ মদ খাই শুই থকাই ভাল ...!
মাজে মাজে কৈ যায় সি ।

জোনাক নোহোৱাৰ বাবেই 
আত্মজ্ঞান ঘুৰাই পাই সি 
আন্ধাৰ যে কি অদ্ভুত ...!

লাহে লাহে অনুভৱ কৰিছিলোঁ 
মোৰ শৰীৰৰ উত্তাপ ।

 📝বিকি নেওগ 
বৰখঙীয়া , যোৰহাট - ১৭

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)