গধূলি হ'বৰ সময় হ'ল
চিন্তাত পৰিল
নিৰ্জন দ্বীপটো।
দ্বীপটো আজি বৰ অকলশৰীয়া
গান গাবলৈ এজনো সঙ্গী নাই
অনুসন্ধানৰ বাটত।
চাৰিওফালে বিনন্দীয়া পৰিবেশ
ওচৰে-পাজৰে সমূদ্ৰৰ অলি-গলি
বাটে বাটে নিদ্ৰাহীন বাসিন্দাৰ ভিৰ
নাই,তথাপিও দ্বীপটোৰ এজনো পথযাত্ৰী।
আজি দ্বীপটোৰ দুঃচকুত বিশৃংখল নিদ্ৰা
নাই কাৰো সঁহাৰি
নাই বজ্ৰপাত,নাই গছৰো নিয়ন্ত্ৰণ ।
অলপ আগতে দ্বীপটোৰ
সন্মুখত কথা পাতি আছিল দু সাগৰ-ফেণা
সিও চকুৰ পলকতে নোহোৱা হ'ল।
দ্বীপটোৱে এতিয়া ভাবে
কি দোষ কৰিছোঁ মই
কিয় মোক কোনেও আদৰি ল'ব নিবিচাৰৰে ?
হায়!প্ৰকৃতি
কোনে মোক অকণমান আশ্ৰয় দিব
বিশাল পৃথিৱীখনত.....?
পৃথিৱীখনত ইমান বিল,সাগৰ,বজ্ৰপাত
তথাপিও মোৰ কাষত নাই
অলপো বৰষুণৰ দৃষ্টি
মেঘৰ আগমন .....
দ্বীপটোৰ বুকুখন আজি শুকাই যোৱাৰ বাটত
বিচাৰে অকণমান বৰফৰ ছিটিকনি
কেঁচুৱাৰ চকুলোঁ....।
হে ধৰিত্ৰী !
মই কোনোবা দিন সুখৰ পৰশ পাম নে ??
✍ কবিৰ বকুল
জয়পুৰ,গোৱালপাৰা
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ