জোনাক ৰাতি
জোনাকতে
তৰাই নাচে
আকাশতে
অগণন তৰাৰ
মাজত
জোনবাই জিলিকি
থাকে,
তাকে দেখি
জোনাকী পৰুৱাবোৰো
ওলাই আহে
জাকে জাকে
নাচি নাচি গীত জুৰে
চোতালতে মাজে মাজে
তৰাবোৰে চকু টিপিয়াই
জোনাকীক মাতে ৰিঙিয়াই
ফুলৰ পাহিতে সিহঁতে
মুখ লুকুৱাই ৷
লাজতে ঘনাই ঘনাই
নিজান ৰাতি জিলিৰ মাতে
সোণতে সুৱগা চৰাই
মন কৰে ৰঙিয়াল।
📝দুলুমণি দেৱী
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ