সাংস্কৃতিক পৰম্পৰা অনুধাৱন কৰিলে দেখা যায় যে দক্ষিণ কামৰূপৰ লোহাৰঘাট অঞ্চলত প্রচলিত ৰাজাঢোল পাতিৰাভা সকলৰ অন্যতম জাতীয় কৃষ্টি ৷ সৰ্বসাধাৰণৰ মাজত বহুলভাবে প্রচলিত নহ'লেও এই বাদ্যৰ প্রচলন পাতিৰাভাৰ মাজৰ নিৰ্দ্ধাৰিত কিছু সংখ্যক লোকৰ মাজত আবদ্ধ আৰু সৰ্ব্বসাধাৰণ জড়িত উছব পাৰ্বনত ৰাজহুৱা ভাৱে পৰিবেশিত ৷
বহু পুৰণি কালৰে পৰা দক্ষিণ কামৰূপৰ বৰদুৱাৰ মৌজাত ৰাজাঢোলৰ প্রচলন আছে | বৰ্তমানৰ বৰদুৱাৰ মৌজা আৰু ইয়াৰ আশে পাশে থকা বিস্তৃত অঞ্চল এটি তাহানিৰ বৰদুৱাৰ ৰাজ্য আছিল দপাহাৰ অঞ্চলত থকা ৰজাই হেনো ভৈয়ামলৈ আহিলোহাৰা চিকিৎসালয় স্থাপিত হোৱা ঠাইত বাহৰ পাতি থাকি কৰ-কাটল আদায় কৰিছিল | সেই ঠাইক ৰাজাবাট বুলি কোৱা হৈছিল | ৰজা ৰাজাবাটলৈ আহোঁতে আদৰণি সম্ভাষণ জনোৱাত আৰু বিভিন্ন সময়ত ভিন্ ভিন্ তালৰ ঢোলৰ বাজানাৰে ৰজাক আপ্যায়িত কৰিছিল ৷ ৰজাক আদৰাত আৰু ৰজাক দোকমোকালিতে জাগন বাদ্য বা প্রভাতী বাদ্য বজাই নিদ্রাৰ পৰা জগাই তুলিছিল ৷ অন্যান্য সময়তো ৰজাৰ সন্মানৰ অৰ্থে বিভিন্ন লয় আৰু তালেৰে ঢোল বাদ্য বজাইছিল | বিশেষকৈ ৰাজকীয় কাৰ্য উপলক্ষে বজোৱা এই ঢোলক ৰাজাঢোল কোৱা হৈছিল ৷
ৰাজাঢোলত চাৰিটা ঢোল , এযোৰ কাৰা ( দীঘল পেটী বা দীঘল ঢোল ) , এটা দুগুৰী আৰু এযোৰ কালি থাকে ৷এই চাৰি-বিধ বাদ্যৰ সমন্বয়ত গঢ়ি উঠা ঐক্যতাল সমলয়েই হৈছে ৰাজাঢোল ৷ বিভিন্ন বাদ্য আৰু অন্য প্রকাৰে সহযোগী মুঠ ঢুলীয়াৰ সংখ্যাৰ বাৰজন | তাহানীৰ ৰাজা ঢুলীয়াৰ বাসস্থান আছিল বৰ্তমানৰ কামাৰপাৰা গাওঁ ঢুলীয়াসকল আছিল ৰাজাঢুলীয়া অৰ্থাত ৰজাৰ কৰ্মচাৰী সদৃশ | তেওঁলোকে জীৱীকাৰ বাবে ৰজাৰ পৰা খোৰাকী পাইছিল আৰু মাটিৰ খাজানা ৰেহাই পাইছিল ৷ সেই মৰ্মে তেওঁলোকে নিৰ্দ্ধাৰিত সময় সাপেক্ষে ঢোলবাদ্য বজাই কৰ্তব্য পালন কৰিছিল ৷
আগলৈ
📝হেমেন হাজৰিকা
মিৰ্জা
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ