মোৰ অনুভৱৰ
দলিচা খনিত
নিগাজী কৈ বহি
কোনে বজাব বেণু
নিটাল,নিস্তব্ধতা হৈ পৰিছে
মোৰ হৃদয়ৰ অনুভৱ বোৰ ।
সুবিশাল হৃদয়ত
সুৱৰ্ণ দলিচাত
সুবাস সিঁচি ৰাখিছো মই
কোনে আহি বজাব বেণু ।
অনুপ্ৰৱেশ কৰি চোৱা এবাৰ আহি
হৃদয়ৰ দুৱাৰ খুলি ৰাখিছো মই
কি দৰে নিটাল মাৰি শুই আছে
মোৰ অনুভৱ বোৰ ।
দুচকুত বৈ আছে
আজি মোৰ চকুলো ।
অনুমতি দিলো মই
নিষ্ঠাৰে আহি
সুৱৰ্ণ দলিচাত বহি
বজাই দিয়া বেণু ।
তেহে সাৰ পাব মোৰ
হৃদয়ৰ অনুভৱ বোৰ ।
বিনিতা বৰা
হোজাই জিলা
লংকা {কাকী-৩ )
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ