খুলশালীয়েক ৰিমি অহাৰ খবৰটো শুনি অনুৰাগ অফিচৰ পৰা সোনকালে আহিল,lবিয়াৰ আগতে তাৰ ৰিমিক খুব পচন্দ হৈছিলl কিন্তুু ঘৰৰ হেঁচাত বায়েক অলিক আনিবলৈ বাধ্য হল,তাৰোপৰি ৰিমি চাকৰিসূত্ৰে বাহিৰত থাকে,lদুদিনমান বেছিকৈ থাকিব বুলি ঘৰত কৈ অহা ৰিমিৰ বায়েকৰ ঘৰত এদিনেই এবছৰ যেন লগা হল l,
অনুৰাগ তাইক লৈ ইমানেই ব্যস্ত হল যে তাইৰ অলপো ভাল নালাগিল lসেইবাবে তাই অফিচৰ অজুহাত দেখাই ওভতি যোৱাটোকে ঠিক কৰিলে,বায়েকে তাইক থোৱাৰ দায়িত্ব অনুৰাগকে দিলে,l
অনুৰাগে গাখীৰতে, ম'হৰ খুটি সান্দহতে হাত ভাবি ,,,,বাইকখন ষ্টাৰ্ট দিলে,lমনতে চিনেমা এখন চোৱাৰ প্লেনও কৰিলে ,ৰিমিয়ে ধুনীয়াকৈ সাজি কাচি ওলাই অহাত তাৰ খুব ভাল লাগিল ,l
ইতিমধ্যে এখন গাড়ী আহি পদুলিতে ৰোৱা দেখি সি আচৰিত হল ,তাইৰ বন্ধু ৰক্তিমে তাইক নিবলৈ আহিছে
লাজতে অনুৰাগ ৰঙা চিঙা পৰিল l
📝 দুলুমনি
মাকুম
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ