এৰী শিল্প (খণ্ড-০২)-এৰী আৰু মুগা পলু পালনৰ বাবে শোধন কৰা বাঁহেৰে তৈয়াৰ কৰা সামগ্ৰী

©Admin
0
 

ভাৰতবৰ্ষৰ সামাজিক, অৰ্থনৈতিক, ভৌগোলিক্, সাংস্কৃতিক আৰু পৰম্পৰাগত ব্যৱহাৰৰ ক্ষেত্ৰত বাঁহ এটা অতি প্ৰয়োজনীয় সম্পদ । ভাৰতবৰ্ষৰ সকলো প্ৰাকৃতিক পৰিৱেশৰ তুলনাত উত্তৰ পূৰ্ব্বাঞ্চলত ইয়াৰ ১৫০০ টা প্ৰজাতি পোৱা যায় ।
বাঁহ এবিধ নবীকৰনযোগ্য প্ৰাকৃতিক সম্পদ, যি অতি সহজে, খৰতকীয়াকৈ আৰু বহুলভাৱে বংশ বিস্তাৰ কৰে । ইয়াৰ উৎপাদন ব্যয় অতি কম আৰু প্ৰাকৃতিক ভাৰসাম্যতা ৰক্ষা কৰাৰ এক নিৰ্ভৰযোগ্য সম্পদ । সহজলভ্যতাৰ ওপৰত ভিত্তি কৰি এই অঞ্চলৰ ভিন্ন প্ৰজাতিৰ বাঁহক এৰী আৰু মুগা পলু পালনত পৰাম্পৰাগতভাবে নিত্য ব্যৱহৃত বিভিন্ন সজুলি তৈয়াৰ কৰি ব্যৱহাৰ কৰি অহা দেখা যায় । যোৰহাটৰ লাহদৈগড়ত থকা কেন্দ্ৰীয় মুগা এৰী গৱেষণা আৰু প্ৰশিক্ষন প্ৰতিষ্ঠান আৰু ইয়াৰ অধীনস্থ বিভিন্ন অনুসন্ধান কেন্দ্ৰ সমূহে বন্য ৰেচম অৰ্থাৎ এৰী আৰু মুগা পলু পালনত বাঁহৰ বিভিন্ন উন্নত সজুলি তৈয়াৰ কৰি ব্যৱহাৰ কৰি আহিছে । ইয়াৰ ভিতৰত বহু খলপীয়া এৰী পলু পোহা ৰেক, পলুৰ লেটা বন্ধা বাকছ, খৰিকা, এৰী লেটা বন্ধা সঁজুলি, চকৰী পেৰা ইত্যাদি । কিন্ত্তু ইমান বহুলভাৱে ব্যৱহৃত বাঁহৰ সজুলিসমূহ বিভিন্ন পোক আৰু ভেঁকুৰৰ দ্বাৰা আক্ৰান্ত হৈ দুই এবছৰতে স্থায়ীত্ব কমি যোৱাটো এটা সমস্যা হৈ দেখা দিয়ে । গ্ৰাম্য জীৱনৰ গৃহ নিৰ্মাণ সামগ্ৰী তথা আচবাবৰ বাবে বহু বাঁহ নিতৌ ব্যৱহাৰ হৈ আহিছে । সেইবাবে বাঁহক এতিয়াও দুখীয়াৰ কাঠ বুলি গণ্য কৰা হয় । কিন্ত্তু কেঁচা বাঁহ অথবা অবাঁচনিভুক্ত বাঁহ ব্যৱহাৰ কৰাৰ ফলত ব্যৱহৃত সামগ্ৰীসমূহ অতি কম সময়তে নষ্ট হৈ যায় । এই সকলো দিশ বিবেচনা কৰি বাঁহৰ সংৰক্ষনৰ বাবে যোৰহাটৰ বৰ্ষাৰন্য গৱেষণা প্ৰতিষ্ঠানৰ লগত যুক্তভাৱে এটা প্ৰযুক্তি কৌশল  উদ্ভাৱন কৰা হৈছে ।
বাঁহৰ সংৰক্ষনৰ ব্যৱস্থা :
বাঁহৰ সংৰক্ষনৰ বাবে বিভিন্ন তথ্যৰ আধাৰত তলত উল্লেখ কৰা ব্যৱস্থা সমূহকে উৎকৃষ্ট বুলি গণ্য কৰা হয় ।
১) পৰাম্পৰাগত পদ্ধতি ।
২) ৰাসায়নিক পদ্ধতি ।

এৰী আৰু মুগা পলু পালনত ব্যৱহৃত বাঁহৰ সজুঁলি সমূহ তৈয়াৰ কৰাৰ আগতে বাঁহবোৰ শোধন কৰাৰ এটা নিৰাপদ পদ্ধতিৰ বিষয়ে পৰামৰ্শ দিয়া হৈছে আৰু এনে সজুঁলি পলু পালনত ব্যৱহাৰ কৰি পলুৰ ওপৰত ৰাসায়নিক দ্ৰব্যৰ কুপ্ৰভাব নপৰাটো নিশ্চিত কৰা হৈছে ।

কেঁচা সামগ্ৰী :
সাধাৰণতে থলুৱা ভাবে পৰ্যাপ্ত মাত্ৰাত পোৱা “জাতি বাঁহ” (বৈজ্ঞানিক নাম – ডেন্ড্ৰ্কেলামাচ লংগিস্পাথাচ্) আৰু “ভলুকা বাঁহ”(বৈজ্ঞানিক নাম – বেম্ব’চা বেল্কৱা) ব্যৱহাৰ কৰি পলু পালনত ব্যৱহৃত বাঁহৰ বিভিন্ন সজুঁলি সমূহ যেনে পলু পোহা ৰেক, লেটা বন্ধা সঁজুলি, খৰিকা ইত্যাদি তৈয়াৰ কৰা হ’য় । 

বাছনিভুক্ত ৰাসায়নিক সংৰক্ষক, তাৰ দ্ৰৱণৰ লঘুকৰন আৰু ব্যৱহাৰ :
সাধাৰনতে কেঁচা বাঁহ বাঁহনিৰ পৰা কটাৰ ৬ৰ পৰা ১৫ ঘন্টাৰ ভিতৰত বাঁহৰ ৰস আঁতৰায়ো শোধন কৰিব পাৰি । যদি কিবা কাৰণত বাঁহ কটাৰ পৰা শোধনৰ মাজত সময়ৰ ব্যৱধান বেছি হ’য়, তেন্তে বাঁহ সমূহ ৪-৮% গাঢ়তাৰ বৰিক এচিদ আৰু বৰাক্স (Boric Acid – Borax (BB) দ্ৰৱনত বাঁহৰ প্ৰজাতি আৰু জোখ,  শোধনৰ প্ৰকাৰৰ ওপৰত নিৰ্ভৰ কৰি বাঁহ সমূহ তৈয়াৰ কৰি লোৱা চৌবাচা, মুকলি খাল বা পুখুৰীত ৭ৰ পৰা ২০ দিনলৈকে ডুবাই ৰখা হ’য় ।   
 
উৎকৃষ্ট শোধনৰ বাবে তলত দিয়া দিশ কেইটা মনত ৰখা দৰকাৰ – 
 
*সদায় কেঁচা সজীৱ বাঁহ ব্যৱহাৰ কৰা উচিৎ ।
*শোধনৰ বাবে ৩ৰ পৰা ৪ বছৰ বয়সৰ বাঁহ বাচনি কৰিব লাগে ।
*আগতে ব্যৱহাৰ কৰা দ্ৰৱন পুনৰ ব্যৱহাৰ কৰিব লগা হ’লে ইয়াক ফিল্টাৰ কৰি দ্ৰৱনৰ গাঢ়তা অক্ষুন্ন ৰাখি যিমান পৰা যায় পৰিস্কাৰ কৰি লৈহে পাত্ৰত ঢালিব লাগে ।

এই প্ৰযুক্তিটো অতি মিতব্যয়ী তথা মুগা আৰু এৰী পলু পালনৰ বিভিন্ন স্তৰৰ বাবে নিৰাপদ। 
ৰেছ্ম পলু পালনত ব্যৱহৃত বিভিন্ন সঁজুলি যেনে, বাঁহৰ বহু খলপীয়া প্লেটফৰ্ম, জপাব পৰা তথা বাকছৰ দৰে পলুৰ লেটা বন্ধা যতন্, বাঁহৰ ডলা, চকৰী পেৰা বা সঁজা, লেটা ৰখা বাকছ্, বাঁহৰ চালনি আৰু খৰিকা ইত্যাদি ইত্যাদি শোধন কৰা বাঁহেৰে তৈয়াৰ কৰিব পাৰি ।


ডo  মৃদুল চন্দ্ৰ শৰ্ম্মা,  
জ্যেষ্ঠ  বিজ্ঞানী(অৱসৰপ্ৰাপ্ত)
ডo  ধৰ্মেন্দ্ৰ কুমাৰ জিজ্ঞাষু, বিজ্ঞানী- ‘চি’
কেন্দ্ৰীয় মুগা এৰী গৱেষণা ও প্ৰশিক্ষণ প্ৰতিষ্ঠান, লাহদৈগড় যোৰহাট

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)