তুমিযে মোৰ

©Admin
0

তুমিযে মোৰ জানা,

ভালপোৱা তুমি ৷
মোৰ ৰৈ যোৱা ভালপোৱা,
প্ৰবাহমান ভালোপোৱা,
অনাগত ভালপোৱা ৷

তুমিযে মোৰ জানা,
তোমাক এৰি অহা
আৰু তোমাৰ পৰা আঁতৰি অহাৰ কষ্টৰ জ্বৰত মই এজন মেলেৰিয়া ৰোগী ৷

তুমিযে মোৰ জানা,
আঘোণৰ সোণালী শইচ,
শৰতৰ ভিজা বননী,
বৰষাৰ বানে ঢকা ঘাঁহনী ৷

কিয় নুবুজা, তুমি যে মোৰ
কিয় নুবুজো,তুমি যে অইনৰ ভাললগা...
কিয় নুবুজা, হৃদয়ৰ মৰম
কিয় নুবুজো,তোমাৰ অবাটৰ চেনেহ ৷

তুমি তুমি,মই মই
মই তুমি,তুমি মই
সকলোবোৰ অলীক৷
কি জানা? ?
তুমি যে মোৰ জীৱন আন্দোলনৰ অন্তিম শ্ল"গান,
তুমি যে মোৰ জীৱনৰ চূড়ান্ত ভালপোৱা ,
তুমি যে মোৰ,
কেৱল মোৰ
মোৰ
মোৰ ৷


📝দিব্যজ্যেতি ৰাজখোৱা                         দেৰগাঁও

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)