শব্দহীন মই

©Admin
0
   
বহুত দিন একো লিখা নাই
লিখিম বুলি ভাবো...
কিন্তু কি লিখিম?
কাক লৈ লিখিম?
কাৰ বাবে লিখিম?...
ইমানবোৰ প্ৰশ্নৰ উত্তৰ জানো মই দিব পাৰিম!
এনেকুৱা এটা সময় আছিল যেতিয়া
মনত শব্দবোৰ আখৈ ফুটাদি ফুটিছিল
শব্দৰে মোৰ মনটোক আৱৰি ধৰিছিল
কিন্তু আজি মই শব্দহীন
শব্দ বিচাৰি মই হাবাথুৰি খাইছো
এসময়ত যিবোৰ শব্দ মোৰ অতিকৈ প্ৰিয় আছিল
আজিচোন সিহঁতবোৰক অচিনাকি যেন লাগিছে
মোৰ লগৰী কলমটোৱেও যেন লিখিবলৈ 
পাহৰি গৈছে
কলমৰ চিয়াহীখিনিৰ ৰঙো উদাস হৈ পৰিছে
শব্দহীনতাত আজি কাগজখিলাও উকা হৈ আছে..
ক'ত পাম বিচাৰি..
ক'লৈ যাওঁ মই বিচাৰি সেই শব্দবোৰ
মোৰ বুকু উদং কৰি গুচি যোৱা সেই শব্দবোৰ 
মই পাম জানো বিচাৰি...
অচিনাকী হৈ পৰা শব্দবোৰে মোক 
আকোৱালি ল'বনে...
উকা কাগজখিলা কেতিয়া হ'ব ৰঙীন?
মই আকৌ লিখিব পাৰিম নে..!!!!!

   📝বিটপী ভূঞা 
 
      

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)