D.U ৰ মেঘনাজনী (খণ্ড-০১)

Rinku Rajowar
2
ৰাতিপুৱা খুউব সোনকালেই সাৰ পালো।ৰাতিও টোপনি নাহিল ভালকৈ।আজি আগষ্ট মাহৰ ২ তাৰিখ।মা হঁতে মোক হোষ্টেলত থবলৈ যাব আজি।ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ শিক্ষাতত্ব বিভাগত মোৰ এডমিশ্বন হৈ গ'ল।কাইলৈ পৰা class আৰম্ভ হব।সেয়ে আজি থৈ অহাৰ কথা।বহুত দিনৰে পৰা এইখন বিশ্ববিদ্যালয়ত পঢ়াৰ সপোন এটা বুকুত কঢ়িয়াই ফুৰিছিলো।অনুৰাধা শৰ্মা পূজাৰী বাইদেউৰ "নাহৰৰ নিৰিবিলি ছাঁ"কিতাপ খন পঢ়াৰ পিছত সচাকৈয়ে প্ৰেমত পৰি গলো University খনৰ।
:অ' মাজনী!বস্তুুবোৰ ভালকৈ চাই ল'এবাৰ সকলোবোৰ লোৱা হ'ল নহয়?                         
:অ' দেতা সকলোবোৰ ললো।           
:এই টকা কেইটা থৈ দে।             
দেতাই দিয়া টকাকেইটা মনে-মনে হাত পাতি ল'লো।মোৰ খেতিয়ক বৰ কষ্টৰ টকা এইকেইটা।মই ভালকৈ পঢ়িম দেতা।মনৰ ভিতৰতে কলো।ভাইটি এ গাড়ীত বস্তুুবোৰ তুলিলে।মা আৰু ভাইটি গাড়ীত বহিলেহি।ময়ো আইতাক সেৱা এটা কৰি গাড়ীত বহিলোহি।মনতো ভাল লাগিছে।কিন্তুু কোনোবা খিনিত বেয়াও লাগিছে।মই ঘৰৰ পৰা আঁতৰি তেনেকৈ থাকি পোৱা নাই।ভয়ো লাগিছে অলপ।মোক এডমিশ্বনৰ দিনাই জনাই দিছিলে মই AHCN ত হোষ্টেল ছিট পাইছো।এটা সময়ত আামাৰ গাড়ী জ্যোতি বাটচৰাই সোমাই AHCNৰ সন্মুখত ৰ'লগৈ।ভাইটিএ গাড়ীৰ পৰা বস্তুুবোৰ নমালে।বগা কপাহী মেখেলা-চাদৰ পিন্ধি থকা মানুহ এগৰাকী আগবাঢ়ি আহিল।   

:মাজনী!তোমাৰ ৰিচিপটো চাওঁ।                                          
মই এডমিশ্বনৰ ৰিচিপ টো দেখুৱালো।মানুহগৰাকীএ আমাক ভিতৰলৈ লৈ গ'ল।ভিতৰত ছয়জনী মান ছোৱালী বহি আছে।এটা ডাঙৰ হ'ল।হ'লটোত এখন ডাঙৰ টেবুল আৰু চকী২০খন  মান আছে।ৰুমটোৰ একেবাৰে মূৰৰ ফালে এখন থাপনা।                                      
:তোমাৰ ৰিচিপটো চাওঁ।             
তাত বহি থকা চাপৰ ছোৱালী জনীএ মোৰ ফালে চাই কলে।মই ছোৱালীজনীক ৰিচিপ টো দেখুৱালো।                 
:তুমি ইয়াৰ পৰা টিকট এটা লোৱা।ছোৱালীজনী এ টেবুলৰ ওপৰত থকা টেমাটো দেখুৱাই ক'লে।মই টেমা তোলৈ চালো।টেমাটোত লটাৰী টিকটৰ দৰে এসোপা সৰু-সৰু কাগজৰ টোকোৰা।মই কাগজৰ টোকোৰা এটা হাতত তুলি ল'লো।টুকুৰাতো মেলি চালো।তাত লিখা আছিল 'ৰুম নং-৭(অনন্যা গলি)।ছোৱালী জনী এ মোক এটা চাবি দিলে আৰু কলে সন্ধিয়া ৬ টা বজাত প্ৰাৰ্থনা হব।আহিবা।হোষ্টেলৰ কিছুমান নীতি-নিয়ম আছে সেইখিনি তোমালোকক বুজাই  দিয়া হব।                                 
:তোমাক ৰুমটো দেখুৱাই দিওঁ ব'লা।                                
তাত বহি থকা ছোৱালী এজনী এ মোক ক'লে।ছোৱালীজনীৰ পাছে-পাছে মই আহি আছো।                      
:তোমাৰ নামটো কি?                  
ছোৱালী জনীএ মোক সুধিলে।                                     
:মেঘনা বৰুৱা।মই উত্তৰ দিলো।                                     
ৰুম এটাৰ সন্মুখত ছোৱালী জনী ৰৈ দিলে।                        
:এইটো তোমাৰ ৰুম।                  
ছোৱালী জনীএ মোক ক'লে।দৰজা খনত লিখা আছিল Room No-7  (আগলৈ)

📝ৰুমী কোঁৱৰ
সহকাৰী অধ্যাপিকা, 
নন্দলাল বৰগোহাঁই চিটি মহাবিদ্যালয়

Post a Comment

2Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment