প্ৰয়াস

©Admin
0
ওলাই অহা ভাই ওলাই অহা, ওলাই অহা মোৰ আপোনজন
শান্তি,প্ৰগতি, ঐক্য নীতি নিয়ম অটুট ৰাখিবলৈ , 
ওলাই অহা ভাই ওলাই অহা, ওলাই অহা মোৰ আপোনজন
মই চাহ জনগোষ্ঠীৰ আদিবাসী, মই হে অসমীয়া, মই হে ভাৰতীয় এই ভাৱধাৰাৰে জগত জিনিবলৈ, 
ওলাই অহা ভাই ওলাই অহা, ওলাই অহা মোৰ আপোনজন.
শিক্ষিত অশিক্ষিত, ধনী দুখীয়া,শ্ৰমিক পৰিচালক একবদ্ধ হৈ বিশ্বৰ দুৱাৰত অসমৰ চিত্র বনাবলৈ, 
ওলাই অহা ভাই ওলাই অহা, ওলাই অহা মোৰ আপোনজন
অসমক আন্ধাৰৰ পৰা পোহৰলৈ,অশিক্ষিতৰ পৰা শিক্ষিত লৈ বিশ্বৰ লগত সমানে দুখোজ দিবলৈ, 
ওলাই অহা ভাই ওলাই অহা, ওলাই অহা মোৰ আপোনজন
অন্ধ বিশ্বাস, কুসংস্কাৰ বিনাশ কৰি স্বচ্ছ নিৰ্মল অসম গঢ়ি বলৈ, 
ওলাই অহা ভাই ওলাই অহা, ওলাই অহা মোৰ আপোনজন.
এটুপ এটুপ পানি-নৈ, জান-জুৰি হয়গৈ সাগৰ। আমি কিয় নোৱাৰোঁ এশজন নালাগে, দুশজন নালাগে, লাগে সমস্ত অসম। 
ভাষা, জাতি, ধৰ্ম, নিৰ্বিশেষে... বিশ্বৰ দুৱাৰত অসমবাসী কবলৈ, 
ওলাই অহা ভাই ওলাই অহা, ওলাই অহা মোৰ আপোনজন

📝 শ্রী কিৰণ ওৰাং 
পাভৈ চাহ বাগিচা বিশ্বনাথ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)