এক শুভ্ৰ পূৱা

©Admin
0
ক্ৰমান্বয়ে ৰাতিৰ আন্ধাৰ আতৰি আন দিনাৰ দৰেই সূৰ্য্যৰ কিৰণত কেউদিশে পোহৰত মূখৰিত হৈ উঠিছে, সেইদিনা তাই পূৱা খুব সোনকালেই শোৱা পাতি এৰি ৰাতিপুৱাই ঘৰৰ কাষৰে ৰাষ্টাই দোখোজমান মাকৰ সৈতে আগবাঢ়ি যায়, মাকৰ সৈতে সেই চিনাকি বাঁটতোৱে যাঁওতে দেখিলে যে ঘৰৰ ওচৰৰে খুৰাক আৰু আন কেইবাজনেও হাল জুৰিৱলৈ লৈছে, বহুদিনৰ পাছত তাই ৰাতিপুৱা ওলাই গৈছে কিয়নো তাই দিনটো নিজৰ কামত ব্যস্ত থাকিবলগীয়া হয়। তাই যে পথাৰত নামি বোকা-পানিৰ খেল খেলা , সৰুতে মাকে ৰুই থাকোঁতে লগতে ৰুৱলৈ  যোৱা ,কঠিয়াতলিত বহি বহি চাই সময় কটোৱা আৰু হালোৱাক চাহ জলপান দিবলৈ যোৱা... পথাৰত পাৰ কৰা তাই বহু বছৰেই পাৰ হৈ গ'ল। এতিয়া‌ মাকৰ সৈতে আহোতে তাইক বাৰুকৈয়ে মনটোক চুই গৈছে প্ৰকৃতিৰ সৈতে পাৰ কৰি অহা সেই সোণালী সময়বোৰে,, যদিও তাই বৰ্তমান কৰ্মৰ সুত্ৰে চহৰত বাস কৰে তাত একো খাদ্য সামগ্ৰীৰ অভাবো নাই তথাপি নিজৰ গাঁৱত পোৱা প্ৰকৃতিৰ সুবাস আৰু সূগন্ধিয়ে এতিয়াও বাৰুকৈয়ে আকৰ্ষন কৰি তুলিছে । সকলো থাকিও তাই বৰ্তমান অভাৱ অনুভৱ কৰিছে সেই নৈ পাৰৰ গছৰ ছাঁ,ৰোৱনীয়ে ভৰপূৰ সেউজীয়া সপোনভৰা পথাৰৰ মাদকতা,কৃষকসকলৰ নিজৰ কৃষিভূমিত শস্য উৎপাদনৰ বাবে যি মনৰ উদম্য হেঁপাহ সেয়া তাই পথাৰত দেখিবলৈ পাইছে যদিও ,বৰ্তমান তাই বাস কৰা কংক্ৰান্তিময় যান্ত্ৰিক সমাজে সেইসমূহ সহজেগ্ৰহন নকৰে ।।কিয়নো চহৰৰ জনতাই  চাহ জলপানতকৈ বিলাসী ৰেস্তূৰেন্তৰ খাদ্য গ্ৰহণ কৰাত অধিক প্ৰাধান্য দিয়ে, নগৰ যদিওবা গাঁৱতকৈ উন্নত আৰু আধুনিক তথাপি তাত প্ৰকৃতিৰ প্ৰকৃত সুবাস নাই,, প্ৰায় মলঙা..। যিকিনহওক পূৱাই তাই দেখিবলৈ পোৱা সুন্দৰ চিৰসেউজ পথাৰ আৰু ৰাষ্টাৰ দাঁতিত থকা চৰাইৰ মাতত তাইৰ মনত ভাহি থকা শৈশৱৰ চিত্ৰই পুনৰ উজ্বলিত হৈ উঠিছে, অনুভৱ কৰিছে তাই সময়ৰৰ প্ৰবাল সোঁতৰ বিশাল পাৰ্থক্যতা, প্ৰাপ্তি- অপ্ৰাপ্তিৰ দেওনা পাৰ হৈ বহু দুৰ আগবাঢ়িল তাই জীৱন যুদ্ধত। লাহে লাহে মাকৰ সৈতে আহি তাই ঘৰ পালেহি,ঘৰ পাই তাই অনুমান কৰিলে যে সেই সময় যিসময়ত তাই সৰু আছিল কইনা-দৰাৰ খেল,বিয়াঘৰতো লুকা ভাকূ আৰু কতʼ যে কিমান আনন্দ উল্লাস কৰি পাৰ কৰিছিল সেইসমূহ সাম্প্ৰতিক সময়ৰ গতিত হেৰাই গৈছে নে বৰ্তমান প্ৰজন্মই গ্ৰহন কৰিব নিবিচাৰে তাক লৈ তাই বিষাদগ্ৰস্ত হৈ পৰিছে।।।

 ✍️ময়ুৰী শইকীয়া
          (যোৰহাট)

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)