এই সপোনে সৰিয়হ ফুলত পৰা মৌ মাখিৰ দৰে
মোৰ কাণত ভুন ভুনাই কৈ যায়,
"মই ইউকেল্পিটাছ গছৰ দৰে ওখ হ'ব বিচাৰো"!!!
ঘৰ এৰি অহা বহু দিনেই হ'ল,
মাৰ বুকুত মূৰ থৈ নকন্দা বহু কালেই হ'ল...
আৰু দেউতা,
তোৰ হাত খন এৰি এতিয়া মই অকলে বাট বুলিছো,
তোৰ মটৰ চাইকেলৰ পাছ ফালে বহি
স্কুললৈ যোৱা দিন বোৰেই ভাল আছিল জাননে?
আজিকালি নীৰৱে নিজৰ হিচাপ ৰাখোঁ,
সপোন জানো শেষ হ'ব পাৰে কেতিয়াবা !!!
হেপাঁহৰ পৃথিৱীত মই সপোনৰ ফিনিক্স,
উৰি ফুৰোঁ আকাশৰ সীমনাৰ পৰা মোৰ অন্তৰাত্মাৰ গভীৰ গহ্বৰলৈ!!
আঁকি দিও দুচকুত ৰঙীন স্বপ্ন,
দেও দি নাচো জীৱন গানত...
মোৰ সপোন যে এতিয়া পাখি লগা !!!
📝 নম্ৰতা ওজা
বিশ্বনাথ মহাবিদ্যালয়
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ