মন মোহিত কৰে,
আৰু মন মোহে সেই
হালধীয়া ছোৱালীজনীয়ে
তাইৰ কমল নয়নী চকুযোৰিয়ে,
লাহি ককালৰ কলা তিলে,
গোলাপৰ পাহি যেন ওঠে ।
আলি কেকুৰিটো পাৰ হওঁ
মানেই তাইৰ ঘৰ,
কিন্তু কিযে বিড়ম্বনা
যাবও নোৱাৰো কাষলে,
অথচ চুবও নোৱাৰো
মন পৰশা হৃদয়ক
শাত পেলাব ।
✍️নবীনচন্দ্ৰ কুৰ্মী
বৰপাম,চতিয়া
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ