জোনাকত জিলিকা নিয়ৰ (৬য় খণ্ড)

©Admin
0
(নিয়ৰ আৰু মাক একো নক'বি) সেই দিনা ৰাতি তাৰ জ্বৰ বেছি হৈছিল।জ্বৰৰ প্ৰকোপত সি প্ৰলাপ বকিবলৈ লৈছিল। ডাক্তৰ মাতি অনাত তেঁও ভাস্কৰক চহৰলৈ নিবলৈ উপদেশ দিছিল।চহৰলৈ নিবৰ বাবে যো-জা কৰোঁতেই  ভাস্কৰ হেৰাই গৈছিল আমাৰ মাজৰ পৰা চিৰদিনৰ বাবে।সি ঢুকুৱাৰ দিনা নিয়ৰ বলিয়াৰ দৰে হৈছিল।সকলোকে অনুৰোধ তাক জগাই দিবলৈ।তাৰ চুলিত মৰমেৰে হাত বুলাই কোনোদিনেই শাস্তি নিদিয়াৰ প্ৰতিশ্ৰুতি দিছিল নিয়ৰে।ভাস্কৰক শ্মশানলৈ লৈ যোৱাৰ পিছত সকলো উদগ্ৰীৱ হৈ পৰিছিল নিয়ৰৰ বাবে।মাকক দেখিলে এনে লাগে যেন তেঁও একো দেখা নাই,একো বুজি পোৱা নাই।ভাস্কৰৰ হাঁহিটো দুষ্টামি বোৰে  তেঁওৰ মনত লুকা-ভাকু খেলিবলৈ ধৰিছিল।নিয়ৰে ভাস্কৰ বুলি চিঞৰি ঢলি পৰাত হে তেঁও বাস্তৱলৈ ঘূৰি আহিল।তেঁও নিয়ৰক সাৱতি ধৰি কান্দি উঠিল.............।

ভাস্কৰ ঢুকুৱাৰ দিনৰে পৰা সিহঁত কোনেও হাঁহিব পৰা নাই।সকলোৱে যন্ত্ৰৱৎ কাম বোৰ কৰে।নিয়ৰ প্ৰয়োজনত হে বাহিৰলৈ ওলাই,কেৱল নিজৰ কোঠাতেই সোমাই থাকে।কোনেও ঘূৰাই আনিব পৰা নাই তাইক তাইৰ ভাৱ জগতৰ পৰা।প্ৰতিদিনেই অনিন্দ্যৰ মাক নিয়ৰৰ ওচৰলৈ যায়।
একে লেথাৰিয়ে অনিন্দ্যই কথাবোৰ কৈ গৈছিল।তাৰ কথা শুনি জোনাকৰ বোধশক্তি হেৰাই গৈছিল। তাৰ প্ৰতিটো শব্দই জোনাকৰ বুকুত আঘাত কৰিছিল।চিঞৰি চিঞৰি কান্দিবলৈ মন গৈছিল যদিও কিন্তু সি কান্দিব পৰা নাছিল।অনিন্দ্যই বুজি পাইছিল জোনাকৰ অৱস্থাটোৰ কথা।একেথিৰে মাটিলৈ চাই থকা জোনাকৰ হাতত অনিন্দ্যই দিছিল সযতনেৰে লেফাফা এটা।জোনাকে খৰ-ধৰকৈ ভিতৰৰ পৰা উলিয়াই লৈছিল ভাস্কৰে তালৈ লিখা শেষ চিঠিখন। জোনাকে দেখা পাইছিল ভাস্কৰৰ ধুনীয়া আাখৰবোৰ/•••••••

মৰমৰ পণ্ডিত 
             মৰম লবি।তোৰ নিশ্চয় ভালেই?বৰকৈ মনত পৰিছে অ' তোলৈ।বৰদেউতাই খবৰ দিব বিচাৰিছিল যদিও মইহে দিব দিয়া নাই।মোৰ অলপ জ্বৰ উঠিছে,ঔষধ খোৱাৰ পাছতো ভাল হোৱা নাই।চকু দুটা জপাই ৰাখিবলৈ বৰ ভয় লাগে।এনে লাগে কোনাবাই যেন মোক হাত বাউলী মাত। কেতিয়াবা এনে লাগে দুচকু জপাই দিলে মই যেন কোনোদিনেই পোহৰ দেখা নাপাম।কাক ক'ম এইবোৰ কথা?মা আৰু নিয়ৰৰ মুখলৈ চাব নোৱাৰো।তই কাষত থকা হ'লে সাহস পালোহেঁতেন।তোক এবাৰ চাবলৈ খুব মন গৈছে যদিও খবৰ দিবলৈ ক'ব নোৱাৰো। তোৰ শেষ পৰীক্ষাটো হ'বলৈও বেছি দিন নাই।

মই লিখিবলৈ লৈছো তোক কেইটা মান অনুৰোধ কৰিবলৈ।ৰাখিবিনে মোৰ অনুৰোধ,কি হ'ল চিন্তা কৰিছ নেকি?অহৰহ মনলৈ এটা কথাই আহিছে মই যেন এই  পৃথিৱীত বেছি দিন থাকিব নোৱাৰিম।মই নাথাকিলে মাৰ ওচৰৰ পৰা তই আঁতৰি নাযাবি।মই জানো মায়ে তোক পালে কিছু কথা পাহৰিব পাৰিব।তই নিয়ৰক কান্দিবলৈ নিদিবি।খুব ভয় লাগে,মোৰ কিবা এটা হ'লে তাই কি কৰে ঠিক নাই।তাই হাঁহিবলৈ পাহৰিলে পুনৰ হাঁহিবলৈ বাধ্য কৰাবি।অন্ততঃ মা আৰু নিয়ৰৰ কাৰণে তই অলপ সলনি হ'বিনে?অনিন্দ্যক মোৰ মৰম খিনি দিবি।
চেষ্টা কৰিছো দুচকু জোৰেৰে মেলি ৰাখিবলৈ।শক্তিৰে পৰালৈ মৃত্যুৰ লগত যুঁজিম।যদি এই যুঁজত জয় হওঁ,তেন্তে তই এই অনুৰোধ ৰক্ষাৰ পৰা মুক্ত।যদি হাৰি যাও তই ৰাখিবিনে মোৰ অনুৰোধ?তই গাঁৱৰ পৰা দূৰলৈ নাযাবি।কিতাপৰ দোকান খন বৰ হেঁপাহেৰে গঢ়ি তুলিছো,কোনোবা যোগ্য ব্যক্তিক চাবলৈ দিবি।
পৃথিৱীৰ পৰা হেৰাই গ'লেও মই তহঁতক চাই থাকিম সৌ তৰাৰ দেশৰ পৰা।
শেষত বহুত মৰমেৰে তোৰ ভাস্কৰ(গৰু)

                   আগলৈ

দ্বীপ দীপাংকৰ লাহন
বিশ্বনাথ,গহপুৰ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)