আহাঁ আমি চুম্বন এটাত মিলিত হৈ আকৌ আঁতৰি যাঁও
হয়তোবা মই আগবাঢ়ি গ'লে তুমি মোৰ অংশৰ সকলোখিনি হেৰুৱাবা
আৰু মই সুখী,সম্পূৰ্ণ ভাৱে সুখী
যে তোমাৰ পৰা মোক মই খুব পৰিস্কাৰে মুক্ত কৰি ল'ব পাৰিছোঁ
আমাৰ সকলোবোৰ প্ৰতিশ্ৰুতি বাতিল কৰি অনন্ত কালৰ বাবে কৰমৰ্দন কৰা
আৰু যদি আমি লগ হওঁ কোনোবা এক দিনত
ধৰা নপৰে যাতে পৰস্পৰৰ চকুত
কোনোবা এজনেও সাঁচি ৰখা পূৰ্বৰ প্ৰেমৰ প্ৰতিলিপি
আজি প্ৰেমৰ শেষ উশাহটিত
যেতিয়া তাৰ স্পন্দন বোৰ বিকল হৈছে, আবেগ বোৰ ভাষাহীন হৈ পৰিছে
যেতিয়া বিশ্বাস বোৰে মৃত্যুৰ সম্মুখত আঁঠু লৈছে
সৰলতাই চকু বোৰ মুদি পেলাইছে
এতিয়াও, যদি তুমি বিচাৰা
যেতিয়া সকলোৱে তাৰ ফালে পিঠি কৰিছে তুমি তাক মৃত্যুৰ পৰা ওভতাই আনি
পুনৰ্জীৱিত কৰিব পাৰা
মূল কবিতা : Love's Farewell
কবি : মাইকেল ড্ৰেইটন
অসমীয়া ভাঙনি: উৎপল কুমাৰ তাঁতী
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ