তই গুচি যোৱাৰ দিন ধৰি,
নিঃসংগতাই গ্ৰাস কৰে
মোৰ চহৰৰ প্ৰতিটো অলি-গলি।
কিবা যেন উদাস , উৰুঙা আজি
উকা সেমেকা মোৰ
সেই উচ্ছল অনুভৱৰ পদূলি।
অনামি বিষ এটাই কৰে আমনি,
স্তব্ধ হয় প্ৰতিটো দিন,
নুপুৱাই উজাগৰি ৰাতি।
আহিলি -গ'লি , সিদিনা আবেলি,
কি সুৰ বজালি
বুকুৰ বৰ-ঘৰত বহি।
অবাধ্য মনে বাৰে প্ৰতি
তোৰ কাষলৈ ঢাপলি মেলে
তোকেই বিচাৰি।
মোৰ সুখৰ বাঁহীত বাজে আজি
অৰ্হনিশে…
শূণ্যতাৰ বিষাদ ৰাগিনী।
📝প্ৰবিন দত্ত
শিৱসাগৰ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ