প্ৰেম নদী হৈ আহে,
প্ৰেম ধুমুহা হৈ আহে,
প্ৰেম উষ্ম নদী হৈ আহি স্পৰ্শ কৰিছিল
শৰীৰৰ ৰন্ধ্ৰে ৰন্ধ্ৰে প্ৰতিটাে দেহকােষত,
"আবেগৰ চাদৰে" আবৰিছিল
দেহ-মন ।
প্ৰেমত ভাষা নালাগে,
প্ৰেম লিখিব নালাগে,
প্ৰেম হৃদয়ত জাগে,
প্ৰেম এক অনুভূতি,
প্ৰেম জাগিছিল দুখনি হিয়াৰ মাজত ।
এতিয়া, আমাৰ
ভালপোৱাৰ কছৰৎ,
প্ৰেমৰ কছৰৎ,
আলিংগনৰ কছৰৎ,
দেহ-মন এক হোৱাৰ কছৰৎ ।
দুৰ্ঘােৰ প্ৰেমে
পোখা মেলে কেতিয়াবা
বহুত সপোন হৈ ।
হঠাতে এদিন,
সেই অযুত প্ৰেমক মুখাগ্নি কৰি
আঁতৰি গৈছিলা,
জাত-পাতৰ বেৰ এখন দি -
বহুত আঁতৰলৈ ।
এ-তি-য়া
"বেদনাৰ প্ৰশান্তত"
মেলি দিলো
বহুতো সপোন, নিৰাশা আৰু হুমুনিয়াহ ।
"মন -দৰিদ্ৰই" কোঙা কৰা
"বেদনাৰ চােলা"
কিমাননাে পিন্ধিম ?
স্বৰ্গীয় প্ৰেমক কবৰ দি
প্ৰেমক - 'অপ্ৰেম' কৰিলা ।
নাভাৱো বুলি ভাৱিলেও
ভাঁহি আহে বাৰে বাৰে
অতীতৰ প্ৰেম, ভালপোৱাৰ ক্ষণবােৰ ।
দেহে বুজে
কিন্তু, অন্তৰে নুবুজে ।
মােৰ কোলাত এতিয়া
আমাৰ "প্ৰেমৰ সাক্ষী" ।
অকলে নীৰৱে কান্দাে
পৃথিৱীয়ে কয়, মই হেনাে -কলংকিনী।
মই কলংকিনী নাৰী ।
মােৰ বাবে এতিয়া
দুখেই -সুখ,
আৰুতো মােৰ একো নাই,
আছে মাথাে এখনি ভগা -ছিগা হিয়া,
আৰু
"অপযশৰ কাড়ে",
সদায়েই বিন্ধে - এই হতভাগীৰ অন্তৰত ।।
📝মীনা পামে গাম
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ