এৰী শিল্প(খণ্ড-০১)-ইয়াৰ সম্ভাৱনীয়তা, উৎপাদন, পাৰ্শ্ব উৎপাদন আৰু উৎপাদিত সামগ্রীৰ বিচিত্রতা

Rinku Rajowar
0
আন্তৰ্জাতিক প্রেক্ষাপতত ৰেচমশিল্পত ভাৰত বৰ্ষৰ স্থান চীন দেশৰ পাচতে দ্বিতীয় ।  অন্যহাতেদি অসম তথা উত্তৰ পূব্বাৰ্ঞ্চল সমগ্র পৃথিবীৰ ৰেচম মানচিত্রত এক অনন্য স্থান লাভ কৰি আহিছে । ব্যৱসায়িক ৰূপত পালন কৰা চাৰিত্ত বিধ ৰেচম এৰী,মুগা, পাট আৰু তচৰ এই অঞ্চলত পোৱা যায় । অনুকূল বাতাৱৰন তথা পয্যাৰ্প্ত পৰিমানে পোৱা খাদ্য বৃক্ষৰ কাৰনে এৰী পলু পালনত উত্তৰ পূব্বাৰ্ঞ্চল সমগ্র পৃথিবীৰ ভিতৰতে অগ্রণী । এৰী পলু বন্য ৰেচমৰ ভিতৰত সবাতোতকৈ জনপ্রিয় আৰু ইয়াক শতিকাৰ ৰেচম আখ্যা দিয়া হয় । পলু পালনৰ সৰল কৌশল, সকলো জলবায়ুত তিষ্তি থকাৰ সহন ক্ষমতা, প্রচুৰ পাৰ্শ্ব উৎপাদন আৰু উৎপাদনৰ বিচিত্রতাৰ সম্ভাবনীয়াৰ বাবে এৰী শিল্পই জনপ্রিয় শিল্প ৰুপে পৰিগনিত হৈছে । যোৱা দশকত এৰীৰেচমৰ উৎপাদন উল্লেখনীয় ভাবে বৃদ্ধি হৈছে । উদাহৰণ স্বৰুপে ২০০৪-০৫ ইয়াৰ উৎপাদন আছিল ১৪৪৮ টন আৰু বৰ্তমান ২০০১৮-১৯ এই উৎপাদন বাঢ়ি ৬৮৩৯ টন হৈছে । গৱেষণা তথা সম্প্রসাৰণ ক্ষেত্রত লাভ কৰা উল্লেখ যোগ্য সফলতাই এই উন্নতিত অৰিহনা যোগাইছে । উন্নত জাতৰ এৰা গছৰ চিনাক্তকৰণ [এন,বি,আৰ-১ ; এন,বি,আৰ-২ ; এন,বি,আৰ-৩], উন্নত জাতৰ কেচেৰু গছৰ চিনাক্তকৰণ [এইচ এফ- ৫ ; [এইচ এফ- ৮], বহুবৰ্ষী বৰপাত বৃক্ষৰ পাতৰ দ্বাৰা এৰী পালন, প্লেটফৰ্ম পলু পালন পদ্ধতি, উন্নত জালি [কাঠ তথা বাঁহ নিৰ্মিত] আদিয়ে এৰীশিল্পৰ উন্নতিত অৰিহনা যোগাইছে । সম্প্রতি উদ্ভাৱণ কৰা চি-২ নামৰ উচ্চ উৎপাদনক্ষম এৰীপলুৰ জাতে যোগান্তৰ সৃস্টি কৰিবলৈ সমৰ্থ হৈছে। সচৰাচৰ পলুপালকে এশজনী চকৰী পুহি ৭-৮ কিঃ গ্রাম সূতা কটা লেটা উৎপাদন ক্ষমতাৰ বিপৰিতে ১০-১৩কিঃ গ্রাম লাভ কৰিবলৈ সমৰ্থ হৈছে ।
এৰী পলু এবিধ বহুভক্ষী ৰেচম প্রজাতি ।ইংৰাজীত ইয়াক পলিফেগাচ কোৱা হয় ।ইয়াৰ প্রধান খাদ্য বৃক্ষ এৰা আৰু এৰা গছৰ পাত মূখ্যতে ভক্ষণ কৰা বাবে ই এৰী পলু নামেৰে বিখ্যাত । এই এৰাগছৰ খেতি ভাৰতবৰ্ষৰ অন্য ৰাজ্যত তেল উৎপাদনৰ বাবে প্রচুৰ ভাবে কৰা হয় । এই এৰাগছৰ খেতিৰ পৰা শতকৰা ২৫-৩০ ভাগ পাত সংগ্রহ কৰি লাভজনক ভাবে এৰী পলু পালন কৰা হয় । পৰম্পৰাগত হিচাবে এৰীপলু পুহি খোলা উৎপাদন কৰি টাকুৰীৰে সূতা কাটি এৰীচাদৰ বোৱাতে এৰী শিল্পৰ  প্রধান আৰু প্রাথমিক উৎপাদন সীমাবদ্ধ । এই দৰে প্রস্তুত এৰীবস্ত্র ঘৰুৱাভাবে ব্যৱহাৰ  কৰা হয় । টাকুৰীৰে কটা সূতা সমজোখৰ তথা মিহি নোহোৱা বাবে ব্যৱসায়িক ভাবে উৎপাদন কৰি সফলতা লাভ কৰিব নোৱাৰি ।

কেন্দ্রীয় ৰেচম বৰ্ডে খাদ্য বৃক্ষ ৰোপন তথা পলু পালনৰ উন্নত কৌশল উৎভাৱণ কৰি উচ্চমানদন্দৰ খোলা উৎপাদনত অৰিহনা যোগাইছে । সূতা উৎপাদনৰ বাবে মটৰ অথবা ভৰি চালিত মেচিন উৎভাবন কৰি এৰী শিল্পত যোগান্তৰ সৃস্টি কৰিছে । টাকুৰীৰে এদিনত ৪০-৫০ গ্রাম কটা সূতাৰ ব্যতিৰকে এই মেচিনত ১৫০-২০০ গ্রাম উচ্চ মানদন্দৰ মিহি সূতা কাটিব পাৰি ।ইয়াৰ কাৰনে উপযুক্ত প্রশিক্ষণৰ ব্যৱস্থা কৰা হৈছে  । ইয়াৰ উপৰি কামৰুপ জিলাৰ ছয়গাঁৱত আৰু কোকোৰাজাৰত এৰী স্পিনিং মিল প্রতিস্থা কৰি অতি উচ্চ মানদন্দৰ এৰী মিহি সূতা উৎপাদন কৰা হৈছে ।এই মিলৰ পৰা বিভিন্ন ধৰণৰ এৰী বস্ত্র তৈয়াৰ কৰা হৈছে আৰু বিদেশলৈও ৰপ্তানি কৰা হৈছে। সম্প্রতি শিৱসাগৰ জিলাৰ ডিমৌ অঞ্চলত ৰুদ্রসাগৰ স্পিনিং নামৰ এক অত্যাধুনিক নতুন মিল স্থাপন কৰা হৈছে ।

এৰী শিল্পত পাৰ্শ্ব উৎপাদনৰ প্রচুৰ সম্ভাবনীয়া আছে আৰু সেইকাৰনে জনপ্রিয় শিল্প ৰুপে পৰিগনিত হৈছে । পলুপালন তথা খাদ্য বৃক্ষ এই দুয়োটা ক্ষেত্রৰ পৰা  প্রচুৰ পাৰ্শ্ব উৎপাদন কৰিব পাৰি । এৰী লেটাক  পাৰ্শ্ব উৎপাদনৰ ক্ষেত্রত প্রথম স্থানত ৰাখিব পাৰি । ইয়াত শতকৰা ৫০ ভাগ প্রোটিন, ৪৪ ভাগ প্রয়োজনীয় এমাইন’ এচিদ, ভিটামিন আদি থকাৰ বাবে উন্নত খাদ্য হিচাবে গণ্য কৰা হয় । উত্তৰ পূ্ৰ্বাঞ্চলত এৰী লেটা এটা জনপ্রিয় খাদ্য । প্রকাৰনতে ই মূখ্য উৎপাদনৰ স্থান দখল কৰে আৰু অধিক অৰ্থ উপাৰ্জনত [৭৫ শতাংশ] অৰিহনা যোগায় । উচ্চ ৰক্তচাপ তথা শৰ্কৰাজনীত ৰোগত আক্রান্ত ৰোগীয়েও এৰী লেটা ভক্ষণ কৰিব পাৰে বুলি উল্লেখ আছে । এৰী লেটা কুকুৰা, গাহৰী, মাছ আদিৰো উত্তম খাদ্য হিচাবে ব্যৱহাৰ কৰিব পাৰি । এৰী পালনত উৎপাদিত লাদ সাৰ হিচাবে ব্যৱহাৰ কৰা হয় । ইয়াৰ পৰা কেৰটিন উৎপাদন কৰিব পাৰি ।ইয়াক খাদ্যৰ ৰং আৰু ভিটামিন ক উৎপাদনত ব্যৱহাৰ কৰিব পাৰি । এৰী পলুৰ খাদ্যবৃক্ষৰ পৰা নানাধৰণৰ পাৰ্শ্ব উৎপাদন কৰিব পাৰি । এৰাগছৰ গুটিৰ পৰা নানা সামগ্রী যেনে, চাবোন, ঔষধ, উৰাজাহাজৰ মবিল জাতীয় তেল আদি উৎপাদন কৰা হয় । এৰা গছ কাগজ কলত ব্যৱহাৰ কৰা হয় ।এৰী পলুৰ অন্য এক খাদ্যবৃক্ষ শিমলুআলুৰ পৰা চাবোন, শিশু খাদ্য, চিপ্চ, সুৰা, গ্লুক’জ আদি নানা সামগ্রী তৈয়াৰ কৰা হয় । অন্য এবিধ খাদ্যবৃক্ষ বৰকেচেৰু বা বৰপাতৰ পৰা কাঠৰ ওপৰিও মেলেৰিয়া, পেটৰ অসুখ আৰু ফিটাপেলুৰ ঔষধ তৈয়াৰ কৰা হয় ।ইয়াৰ কাঠ ঘৰুৱা সামগ্রী তৈয়াৰ কৰাত ব্যৱহিত হয় ।বৰকেচেৰুৰ উৎকট গোন্ধযুক্ত পাতৰ বাবে চৰনীয়া জন্তুৰ আক্রমন ৰোধ কৰিব পাৰি ।

 এৰী শিল্পত অফুৰন্ত উৎপাদনৰ বিচিত্রতাৰ স্থল আছে ।এৰী সূতাৰ লগত যিকোনো ধৰণৰ সুতা যেনে, পাট, মুগা, টচৰ, কপাহী, কৃত্রিম, ওল আদি মিহলাই বা ব্লেন্দ কৰি কাপোৰ বনাব পাৰি । ইয়াত কৃত্রিম অথবা প্রাকৃতিক সকলো ধৰণৰ ৰং কৰিব পাৰি ।পিন্ধনত ব্যৱহিত বস্ত্রৰ ওপৰিও এৰী সূতা পৰ্দা, চকী কুচন, গাৰু, লেপ আদি নিৰ্মানত ব্যৱহিত হয় ।ইয়াৰ ওপৰিও বেগ, ফাইল কভাৰ, মানিবেগ আদি এৰী কাপোৰেৰে বনাব পৰা হৈছে । পৰম্পৰাগত এৰী চাদৰৰ ওপৰিও টাই, স্কাফ, মাফলাৰ, চুৱেটাৰ, মেখেলাচাদৰ, শাৰী, দখনা, কোট, জেকেট আদি নানা প্রকাৰৰ আটক ধুনীয়া বস্ত্র সামগ্রী এৰীৰ পৰা নিৰ্মান কৰা হৈছে ।বড়োলেন্দ ৰেচম বিভাগৰ দ্বাৰা এৰী শিল্পৰ যোগান্তৰকাৰী উন্নতি কৰা হৈছে । এৰী মোজা নিৰ্মান কৰা যন্ত্র স্থাপন কৰা হৈছে । নব প্রজন্মৰ পছন্দ ও চাহিদাৰ ওপৰত লক্ষ্য ৰাখি টি চাৰ্ট, ডেনিম জিন্চ জাতীয় বস্ত্র নিৰ্মানত গুৰুত্ব দিয়া হৈছে । সম্প্রতি ৰেচম শিল্পই মেডিকেল জগত খনত প্রবেশ কৰিবলৈ সমৰ্থ হোৱা দেখা গৈছে । গুৱাহাটীৰ আই আই টিৰ বিজ্ঞানীয়ে আঘাত প্রাপ্ত স্নায়ু অথবা নাৰ্ভ ৰেচমৰ দ্বাৰা নিৰ্মানৰ সম্ভাবনীয়তা দেখুয়াই যোগান্তৰ সৃস্টি কৰিছে । খাদ্যৰ ক্ষেত্রতো এৰীলেটাৰ বিভিন্ন সুস্বাদু ব্যঞ্জণ তথা আচাৰ তৈয়াৰ কৰি এৰী লেটাক এক জনপ্রিয় খাদ্য হিচাবে পৰিগণিত কৰাৰ লগতে ব্যৱসায়িক ৰুপত সফল কৰি তুলিছে ।মুঠৰ ওপৰত শতিকাৰ ৰেচম এৰী শিল্পই দেশৰ সামাজিক তথা অৰ্থনৈতিক দিশত এক যোগান্তৰ আনিবলৈ সমৰ্থ হৈছে, যাৰ কাৰণে সমগ্র অসম তথা উত্তৰ পূৰ্বাঞ্চল গৌৰৱান্বিন ।

ডঃ মৃদুল চন্দ্র শৰ্মা,  অৱসৰপ্ৰাপ্ত  বিজ্ঞানী
তৰাজান, যোৰহাট, অসম
Email: drmridulsarmah@gmail.com

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)