অ ., আই
আজি কিয় জানো, বুকু খন বৰকৈ পুৰিছে অ'
চকু হালো সেমেকি পৰিছে দেখোন !
জীৱনটোক লৈ কিমান যে সপোন ৰচিছিলো,
কিন্তু আজি,
আজি দেখোন গোটেই বিশ্বতে বৰ বিহে বিন্ধিছে অ'
আজি মই বন্দি হস্পিতালৰ
এই চাৰিসীমাত,
ইয়াত উষা ল'বলৈয়ো বৰ কষ্ট পাইছো অ' আই,
কোনে জানিছিল, মানৱ জীৱন এদিন এনে দৰে
তচনচ হয় পৰিব,
আই... আজি তোৰ হাতৰ আঞ্জাকণ খাবৰ
বৰ মন গৈছে অ'
কিন্তু ...তোক জানো মোৰ কাষলৈ আহিবলৈ দিব ??
নালাগে , নালাগে আই, তই মোৰ ওচৰলৈ নাহিবি,
ন'হলে এই বৰ বিহে তহঁতকো কষ্ট দিব।
কিন্তু মোৰ কি দুখ আছিল 'ক'
অ',অ' আই তোক এবাৰ চাব পাৰিম নে!!!
তই, গাঁৱৰ মানুহ বোৰক বুজাবিছোন !
সকলোৱে যাতে ঘৰতে থাকে,
ন'হলে তাঁহাতকো কৰুনাৰ বৰ বিহে পাব।।
আই ,
তই চিন্তা নকৰিবি মই অতি সোনকালেই ভাল হয় ,
তোৰ কোলাতে আকৌ মোৰ গুজি শুম।।
📝জাচিংফা গগৈ
জিলা- তিনিচুকীয়া
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ