গতি

©Admin
0
  ক্রমশ-
  শিলটো গধুৰ হৈ
  গৈ আছে  ৷
  অন্যমনস্কতা আমাৰ
  বিপদৰ কাৰণ হ'ব পাৰে ,
  আমি বুজা সকলে--
  যেতিয়া
  অধিক বুজাৰ অভিনয় কৰো
  কেৱল নিজক লৈ
  অধিক ব্যস্ত হওঁ  ৷
  তেতিয়া
  শিলচটা আৰু বেছি
  গধুৰ হ'ব পাৰে 
  শিল গধুৰ হলে
  পানীত ডুব যায়
  আৰু তেতিয়াই
  বঢ়ে হাহাকাৰ  ৷
  আহক
  ডুবিব ধৰা শিলটো
  আমি তুলি ধৰো  ৷


  📝হেমেন হাজৰিকা
               মিৰ্জা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)