দেৱতা সজাই ৰাখিলে নাপাবা বিষ্ণু ৰাভাক

©Admin
0

ভকতিৰে তেওঁক দেৱতা সজাই 
ৰাখিলে নাপাবা তুমি বিষ্ণু ৰাভাক
প্ৰণতিৰে তেওঁক থাপনাত শুৱাই 
পূজিলে নোপোৱা তুমি বিষ্ণু ৰাভাক
কামে কাজে তেওঁৰ শিকনীক ধিয়াই
আগবাঢ়িলে পাবা বিষ্ণু ৰাভাক

লিখাৰ মাজত দিনেনিশাই খোচৰি  
বাট নাপাই খাইছানে হাবাথুৰি
গীতবোৰক মঞ্চ সজাই গান কৰি
বুটলিব পাইছানে হাতচাপৰি 
সৃষ্টি সাগৰত দিশহীন বঠা কোবাই
নাও বালে নাপাবা তুমি বিষ্ণু ৰাভাক

প্ৰাণৰো প্ৰাণৰ উমান জনগণৰ
পাব লাগিব সংগ্ৰামী চেতনাৰে
ৰামধেনু সংস্কৃতি সাতো বৰণৰ
সজাব লাগিব মিলনৰ ভাৱনাৰে
এক জাতিক সাত জাতিৰ চোলা পিন্ধাই
বিভেদিলে নাপাবা তুমি বিষ্ণু ৰাভাক

📝জ্যোতিষ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)