(১)
এতিয়া কেৱল চৌদিশে বানপানীৰ উজান,
মোৰ বুকুতো উঠিছে,
উঠিছে উজানৰ ঢৌ
নিৰবে নিতালে……।
(২)
মই নদী হ'ব খোজো,
নদী হৈ বোৱাব খোজো উচ্চ-নীচ্চ,ধনী-দুখীয়া,পাহাৰ-ভৈয়াম
কৰিব খোজো একাকাৰ,
আঁকিব খোজো সমতাৰ এখন আকাশ।
(৩)
মই নদী হ'ব খোজো,
নদী হৈ ধুই নিব খোজো অন্ধবিস্বাস,কুসংস্কাৰ,অন্যায়-অবিচাৰ,
মুচিব খোজো হত্যা-হিংসা আৰু অপৰিস্কাৰ মন।
(৪)
মই নদী হ'ব খোজো,
নদী হৈ বৈ যাব খোজো হৃদয়ৰ পৰা হৃদয়লৈ,
সাজিব খোজো মৰম ভাতৃত্ববোধৰ এডালি সাঁকো।
📝 উত্তম লইং
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ