অগ্রজ সকলে কৈছিল
সৰু সৰুকৈ বান্ধিবি ঘৰ
এটা নহয়
চাৰিটা কৰ ৷
সৰু সৰু ঘৰবোৰ
ক'ত জানো হেৰাল
এতিয়া দেখো
সকলো আকাশলঙ্ঘী হ'ল ৷
সৰু মনৰ ডাঙৰ মানুহে
সমাজ ভৰিল
ডাঙৰ মনৰ সৰু মানুহবোৰ
ক'ত জানো সোমাই থাকিল
সৰু সৰু ঘৰবোৰ
সৰু সৰু মানুহবোৰ
কিমান যে আপোন ভোলা
নিৰ্মল হৃদয়
সঁচা আন্তৰিকতা ৷
তাৰ বাবেই কিজানি
আমি সকলো
এটা এটা যন্ত্ৰ মানৱ ৷
📝হেমেন হাজৰিকা
মিৰ্জা
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ