শ্বহীদ প্ৰণাম

©Admin
0

হে বীৰ জোৱান তোমাক জনাও শতকুটি প্ৰণিপাত,
তোমাৰ বীৰত্বৰ প্ৰশংসাৰ শেষ নাই।
প্ৰণাম জনাও সেই মাতৃক
যাৰ গৰ্ভত তোমাৰ আবিৰ্ভাৱ,
প্ৰণাম জনাও সেই পিতৃক
যাৰ আঙুলি ধৰি তুমি খোজ কাঢ়িব শিকিলা।
আপোন জনক এৰি তুমি 
দেশ মাতৃৰ সেৱাত ব্ৰতী থাকিলা,
দুখ-ভাগৰ সকলো ত্যাগী
দেশয় হকে কাম কৰিলা।
নিষ্ঠা আৰু সততাৰে দেশৰ সেৱাত পাণ বলি দিলা,
তোমাক কৰোঁ সহস্ৰ প্ৰণাম
হে শ্বহীদ প্ৰণামো তোমাক
হে বীৰ পূৰুষ প্ৰণামো তোমাক।।


✒️ কমল কৰ্মকাৰ
হালমাৰি, ডিব্ৰুগড়

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)