জীৱন

©Admin
0
 
ভালপাওঁ মই জীৱনক,
তাক লৈ যে মই বহুতেই সুখী,
একো নাই মোৰ জীৱন ডায়েৰীত...
আছে এখন মুকলি আকাশ
আৰু এটা উৰণীয়া মন.
উৰি ফুৰো সীমাহীন সত্তাক বিচাৰি...
ভালপাওঁ মই বহুত.
মোক ভালপোৱা জনক
বিচৰণ কৰোঁ তেওঁৰ হৃদয়ত...
সুখ বোৰৰ আমেজ লওঁ.
আছে বহুত জটিলতা
উগ্ৰ বেলিৰ দৰে
বিচাৰি পাওঁ তাতেই,
জীয়াই থকাৰ বহুতো হেঁপাহ।

📝ববিতা শইকীয়া
       দেৰগাঁও

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)