মানৱতাহীন মানুহ

©Admin
0


জল বায়ু মাটি আকাশ অগ্নি 

মিলি পৃথিৱী কৰিলে সৃষ্টি 

ধুপ ধুনীয়া মনোৰম ধৰণী 

লতা বন গছ গছনি 

নানা ৰঙৰ সুগন্ধি 

ফুলৰে সজালে অতি শুৱনি ৷ 


আকৌ হ'ল সৃষ্টি 

 বিচিত্ৰময় বিবিধ প্ৰাণীৰ

 তাৰে মাজত মানুহ শ্ৰেষ্ঠ 

প্ৰাণী গুণী জ্ঞানী ৷

 এই প্ৰাণী শ্ৰেষ্ঠ মানুহহে 

কৰিলে উন্নতি প্ৰগতি 

আদিমৰপৰা আধুনিক 

বিজ্ঞান প্ৰযুক্তিৰ আগমণ

 মানুহৰ হ'ল বিলাসিতাপূৰ্ণ জীৱন 

আশা আকাংক্ষা অনন্ত 

নিতে নতুনত্বৰ অনুসন্ধান

 পাহাৰ নদ-নদী   হাবি বন

 মানুহে কৰিলে তহিলং ৷ 

এটা ভোকাতুৰ গৰ্ভৱতী হাতী 

খায়  বিষাক্ত আনাৰস 

কৰিলে মৃত্যু বৰণ  

প্ৰাণী শ্ৰেষ্ঠ জ্ঞানী গুণী 

মানুহৰ মমতাহীন নিৰ্দয়তাৰ এক উদাহৰণ ৷ স্বাৰ্থপৰ মানুহৰ অত্যাচাৰত 

আতংকিত নিষ্পাপ বনৰীয়া প্ৰাণীগণ 

যেনে কৰ্ম তেনে ফল 

সেইবাবে প্ৰকৃতিৰ প্ৰতিবাদ  কৰ'না নামৰ অস্ত্ৰৰে মানুহক কৰিছে  আঘাট ৷

 আজি বিপদমুখী মানৱজাতি 

এতিয়াও হাতত সময় 

সজাগ সচেতন হোৱাৰ

কৰা এটি পণ প্ৰকৃতিক কৰিম সংৰক্ষণ ৷


📝দুলাল ৰবিদাস

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)