কিয়
স্বপ্নিলৰ দৰে লাগে
সেয়া মই কব নোৱাৰো।
নীৰৱে চাই আছিলোঁ
তেওঁৰ প্ৰতিতিকৰক
স্বপ্নিল, স্বপ্নিল মাথোঁ স্বপ্নিল।
তেওঁৰ কথাবোৰে মোক সময়ত
উল্লসিত কৰে
কিন্তু .........!
ৰাৱণৰ বিভীষিকাত
তেওঁ মোক সকীয়াই দিছে,
মোক নামাতিবা.......!
তেতিয়াৰে পৰা
গোটেই পৃথিৱীখন ছায়াছন্ন
কৰি ৰাখিছে
তেওঁৰ কথাবোৰে।
তেওঁ মোক আন্ধাৰত
বন্দিত্ব কৰি ৰাখিছে নেকি?
নাই...মই তেওঁলৈ
প্ৰতীক্ষা কৰি থাকিম
কিন্তু কিয়.....?
তেওঁৰ কথাবোৰ
যদিও উল্লসিত
স্বপ্নিল,স্বপ্নিল ,স্বপ্নিল
মাথোঁ
স্বপ্নিলৰ দৰে লাগে।
(নাৰায়ণ বৰা,লংকা কাকী ৩
জিলা: হোজাই (অসম)
২০১৭,৩ এপ্ৰিল)
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ