আচনিয়ে ঢুকি নোপোৱা গাওঁ

©Admin
0
গাড়ীয়ে ঢুকি নোপোৱা গাওঁখন
বিজুলীয়ে ঢুকি নোপোৱা গাওঁখন
ডাক্তৰ নেদেখা গাওঁখন
হাইস্কুল নেদেখা ঠাইখনত
আজি নিৰ্ব্বাচনী প্ৰচাৰৰ আখৰা ॥

মানুহবােৰ দৌৰিছে
ৰভাৰ তললৈ
আজি ভােজৰ আখৰা
নিৰ্ব্বাচনী ভাওনাৰ ।
মুনিহ- তিৰোতা 
ডেকা-ডেকেৰীৰ হাতত
প্ৰচাৰৰ কাগজ ৷

নিৰ্ব্বাচনৰ বিহু ঢােলৰ চেওত🙏🙏
গাওঁখনক নচুৱাব বিচাৰিছে ।
৭৩ সংখ্যক স্বাধীনতাৰ পাচতো
উন্নতিয়ে ঢুকি নোপোৱা গাৱঁত আজি
চাৰিচকীয়া গাড়ীৰ ধুলিয়ে🚙🚙🚗🚗
গাৱঁৰ বাট-পথ চানি ধৰিলে ॥

চাৰিচকীয়া  গাড়ীৰ বামপাৰত
শিশুবােৰ উলমি যায়
প্ৰচাৰকৰ দলৰ ধমকনিত
নামি যায় শিশুবােৰ - কাৰণ সিহঁতে গাড়ী দেখা নাই ॥

চন্দ্ৰলৈ যোৱাৰ সপোন দেখা দেশ আৰু
কাপোৰ নিপিন্ধা দেশৰ মাজৰ ব্যৱধানৰ 
উত্তৰ কি ?
দুবেলা দুমুঠি 
শীতত চোলা
আৰু নিবিচাৰে সিহঁতে ॥

একুৰি বছৰেওঁ
পকীপথ নোপোৱা 
দুৰ্ভগীয়া গাওঁবােৰ
তহঁতৰ ভােটৰ মূল্য
কবাত বিছাৰি পাইছনে?

কিমান ঠগন খাবা
প্ৰচাৰকৰ দলবােৰৰ ।
দামোদৰ বিপ্ৰৰ দলৰ কথা নুশুনিবা
কথাৰে ভুবন ভুলোৱা 
কাহীত নিমখ ভাত দি 
অমৃত বাক্যৰে 
তোমালোকৰ আঙুলিত ক'লা দাগ দিব বিচাৰে
আৰু কিমান নিমখ ভাত খাবা ।

শ্ৰমিকৰ দেহৰ ঘামেৰে
শ্ৰমিকৰ ভৰিৰ তেজেৰে লিখা চিঠিখন পঢ়িব নাজানিলে ।
নকপিল হৃদয় শ্ৰমিকৰ বাবে ॥

কপিল হৃদয়
কোটিপতি সন্তানৰ 
কৰোনাৰ কান্দোনত ॥

লক্ষ লক্ষ গাওঁবাসীৰ
আজি ৰোজগাৰ বন্ধ ।
কাৰ বাবে ?

গাওঁবাসী, 
হাতখনত ৰং লগোৱাৰ আগতে
এবাৰ চিন্তা কৰা ॥

📝মীনা পামে গাম

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)