ভিজা মেকুৰী

©Admin
0
   ভূমিকম্পটোত
   ম'হৰ শিংযোৰা
   থক্ থক্ কৈ কপিছিল  ৷

   গোৱালে
   জাতি--মাটি ৰাখিম বুলি
   মোগল ভেটিবলৈ গৈ
   নাক বজাই শুলে   ৷

   সেই সুৰুঙাৰে
   সোমাই আহিল
   ঢেৰ মোমাই
 এতিয়া মোমাই আৰু মোমাই
  কাৰণ
   দেশতকৈ মোমাই ডাঙৰ হ'ল

  গোৱালৰ অৱহেলাত
  মহেও টোপনীওৱা হ'ল  
  এলাহ তাৰ সঙ্গী হ'ল  ৷

  সেনাপতিয়ে থমকি জিৰালে
  সেনানীৰ গতি
  ভিজা মেকুৰী নহৈ
  হ'বই বা কি ?

   📝হেমেন হাজৰিকা
             মিৰ্জা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)