জোনাকত জিলিকা নিয়ৰ(৫ম খণ্ড)

©Admin
0
(ফলত সি তাৰ খবৰ পাইছিল ডেৰ মাহৰ পাছত)

শেষ পৰীক্ষাটো দি জোনাক গাঁৱলৈ একেবাৰে গুচি আহিছিল।সেইদিনা ভাস্কৰৰ দোকান খন বন্ধ হৈ আছিল। তাক নিবলৈ অনিন্দ্য ৰৈ আছিল।জোনাকক দেখি সি হাঁহিছিল যদিও তাত যেন বিষাদৰ ছাঁ দেখা গৈছিল,সি জোৰ কৰি হঁহা যেন লাগিছিল।সি চহৰৰ পৰা আহিব বুলি আগতিয়াকৈ খবৰ দিয়াৰ পাছতো ভাস্কৰ কিয় নাহিল? তাৰ খং উঠিছিল।সেয়ে অনিন্দ্যক তাৰ বিষয়ে সুধিব খুজিও একো কোৱা নাছিল।বাটত এটাও কথা নোকোৱাকৈ ঘৰলৈ আহিছিল।অনিন্দ্য অলপ বেলেগ ধৰণৰ ল'ৰা বেছি ভাগ সময় সি পঢ়াতেই ব্যস্ত থাকে।কম কথা কোৱা ল'ৰাটোৱে আজৰি সময়ত ককায়েকক সহায় কৰে।

জোনাকক ঘৰত থৈয়েই অনিন্দ্যই একো মাতবোল নিদিয়াকৈ ঘৰলৈ গ'ল। ঘৰত মাকক মাত দিয়েই জোনাক ভাস্কৰহঁতৰ ঘৰলৈ যায়। তাক বহুত গালি দিয়াৰ মনেৰে ভিতৰলৈ গৈ সি আচৰিত হৈছিল।সন্মুখৰ কোঠাটোত কোনো নাছিল যদিও বেৰত ওলোমাই ৰখা এখন ফটোলৈ চাই সি স্থিৰ হৈ গৈছিল,সেই খন ভাস্কৰৰ ফটো।কিন্তু ফটো খনত বগা মালা এডাল কিয় আঁৰি থৈছে?ভাস্কৰে আগতেও এনে ধেমালী কৰিছিল তাক আৰু নিয়ৰক খং উঠাবলৈ।হয়তো এইবাৰো  তাৰ খং উঠাবলৈকে এনে কৰিছে।কিন্তু ইমান ডাঙৰ হোৱাৰ পাছতো এনে ধেমালী কৰিবলৈ তাক কিহে পালে, খুৰীয়ে দেখিলে কি হ'ব?আগৰে পৰা উঠি অহা খং আৰু বাঢ়ি গ'ল।সি ভাস্কৰ বুলি চিঞৰি ফটোখনৰ পৰা মালা ডাল ছিঙিবলৈ হাত খন আগবঢ়াই দিওঁতেই কোনোবা এটাই থাৰ মুখখনত সোপা দি ঘৰৰ পাছফালে লৈ গ'ল,সেইটো অনিন্দ্য।একো নুবুজি একান্ত বাধ্যৰ দৰে জোনাকে অনিন্দ্যৰ খোজ দিছিল।
অন্য হোৱা হ'লে জোনাকৰ খং উঠিল হেঁতেন,কাৰণ অনিন্দ্যই তাৰ লগত ধেমালী নকৰে।সিহঁত আহি পুখুৰীটোৰ পাৰত থকা লিচুডালৰ তল পাইছিল।অনিন্দ্য গছজোপাৰ তলত বহা দেখিয়ে সিও বহিল।এই গছজোপাৰ তলতেই নিয়ৰ,ভাস্কৰ আৰু সি সৰুতে খেলিছিল।অৱশ্যে ডাঙৰ হোৱাৰ পিছত খেলাতো বন্ধ হৈছিল যদিও ভাস্কৰ আৰু সি প্ৰায়েই ইয়াত বহি নানা ধৰণৰ কথা পাতিছিল।কথাবোৰ ভাবি থাকোতেই তাৰ মনত পৰিল,এই ঠাইলৈ আহিলে তাৰ লগত সদায় ভাস্কৰ আহিছিল।ভাস্কৰৰ কথা মনত পৰাত সি  অনিন্দ্যৰ ফালে চাই পুনৰ আচৰিত হ'ল।তাৰ চকু  দুটা ফুলিছে,ৰঙাও পৰিছে,অকল ৰঙা পৰাই নহয় সেইয়া সি কান্দিছে,কিয় কান্দিছে?ঘৰত মাকৰ চকু দুটাও ৰঙা পৰি আছিল।তাক দেখি হাঁহিছিল, কিবা এটা হৈছে।নহ'লে সি এইবোৰ কি দেখিছে?
কি হৈছে অনি?___জোনাকে উৎকণ্ঠাৰে সুধিলে।
ক'ম সকলো ক'ম।সেইবাবেই তোমাক ইয়ালৈ আনিছো।
অনিন্দ্যই কথাবোৰ ক'ৰ পৰা আৰম্ভ কৰিব ভাবি পোৱা নাই।কিন্তু ক'বই লাগিব।অন্ততঃ মাকক জোনাক দাই সান্ত্বনা দিব পাৰিব,সি ক'বলৈ আৰম্ভ কৰিলে।
-×-×-×-×-×-×-×-

ডেৰ মাহ মানৰ আগতে ভাস্কৰৰ অলপ জ্বৰ উঠিছিল ।দৰৱ খাইছিল যদিও সম্পূৰ্ণ সুস্থ হোৱা নাছিল।ছট্‌ফটিয়া ল'ৰাটোৱে ঘৰত শুই বহি থাকিবলৈ টান পাইছিল।সেয়ে মাক আৰু নিয়ৰৰ কথা আওকাণ কৰি সদায় দোকানলৈ গৈছিল।এসপ্তাহ মানৰ পাছত তাৰ জ্বৰ বেছিকৈ উঠিছিল,ঘৰলৈ ডাক্তৰ মাতি আনিছিল।চিকিৎসা লৈছিল যদিও সি দুৰ্বল হ'বলৈ ধৰিছিল।মাক আৰু নিয়ৰে দিনে ৰাতিয়ে তাৰ শুশ্ৰূষা কৰিছিল,সকলো তাক লৈয়ে ব্যস্ত হৈছিল।হয়তো সি বুজি পাইছিল নিয়তিৰ ইংগিত,তাক গালি দিয়া ছোৱালী খং উঠাবলৈ জোকাইছিল।কিন্তু তাৰ অসুখ হোৱাৰ পিছৰে পৰা নিয়ৰে হাঁহিবলৈ পাহৰি গৈছিল।তাইক জোৰ কৰি আঁতৰাই নিব লগা হৈছিল তাৰ ওচৰৰ পৰা।বিছনাত পৰা তিনিদিনৰ পিছত নিয়ৰ গৈছিল ভাস্কৰৰ বাবে কিতাপ এখন আনিবলৈ মাকেও তাৰ বাবে কিবা আনিবলৈ গাঁৱৰ আন এঘৰলৈ গৈছিল।অনিন্দ্যৰ সহায়ত সি বেৰ খনত আঁউজি লৈ অলপ বহিছিল।আৰু অনিন্দ্যৰ দ্বাৰাই কলম বহী বিচাৰি লৈছিল।খুব কষ্টৰে খৰ্‌-ধৰ্‌কৈ কিবা লিখিলে আৰু পাতটো ছিঙি সামৰি লৈ সেইখন খাম এটাৰ ভিতৰত ভৰাই আঠা দিবলৈ ভায়েকক কৈছিল।অনিন্দ্যই সি কোৱাৰ দৰে সকলো কৰিছিল।আঠা দি শেষ হোৱাৰ পিছত সি কৈছিল।
এই খন পণ্ডিত আহিলে দিবি।নিয়ৰ আৰু মাক একো নক'বি

            আগলৈ

📝দ্বীপ দীপাংকৰ লাহন
বিশ্বনাথ,গহপুৰ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)