এখন নিৰ্মম ছবি

©Admin
0
 গৰ্ভাৱতী মানুহজনী আৰু চাৰি বছৰীয়া ল'ৰাটোক মাথাউৰিৰ কাষৰ চালি খনত থৈ , কলৰ ভূৰ খনকে সাৰথি কৰি ,নাৰায়ণ ঢাপলি মেলিছিল ঘৰটোৰ ফালে। দুই এটা লাম-লাকুতু পাৰে যদি আনোগৈ বুলি। চিঙা মথাউৰিটোৰে গাওঁ খনলৈ নদীখন বৈ গৈছিল। পানী সোঁত বেচি হৈ আহিছিল। আকাশখনে গোঁজৰি আছিল। গোহালিত বান্ধি থোৱা বলধ হাললৈ মনত পৰাত তাৰ বুকুখনত কোনোবাই কোঠাৰ মৰা যেন লাগিল। ভূৰখন সি বেগাই চলাব বিচাৰিছিল।
ঐ ! ক'ত মৰিবলৈ যাৱ ঐ ……!
    কোনোবা এটাই চিঞৰি উঠিল।  সি আগবাঢ়িব বিচাৰি থমকি ৰৈছিল।
       সুদূৰত তাৰ ঘৰৰ মুধচটো তেতিয়াও জিলিকি আছিল। বগা পাৰ হালে হয়তো মধুচত পৰি ৰুণ দি আছিল ! পুনৰ মুষলধাৰ বৰষুণ এজাক আৰম্ভ হৈছিল। হুৰ্-মূৰ্ কৈ নামি অহা বৰষুণ জাকে তাৰ  চুকুপানীবোৰ নদীৰ বাঢ়নি পানীৰ লগত মিলাই পেলাইছিল।
সি কলৰ  ভূৰ খনৰ ওপৰতে শিল পৰা কপৌৰ দৰে বহুপৰ থিয় হৈ থাকিল । জীৱনৰ মোহ হেৰুৱা নাৰায়ণৰ  মানুহ জনী আৰু ল'ৰাটোলৈ মনত পৰিল সি সিহঁতৰ কাষলৈ ঘূৰি আহিল। অস্থায়ী চালিৰ তলত বহি সি সৰু ল'ৰা এটিৰ দৰেই উচুপি উঠিল। অনাগত সময়ৰ নিৰ্মম ছবি এখন তাৰ দুচকুত ভাঁহি থাকিল।
      

✍️প্ৰবীণ দত্ত শিৱসাগৰ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)