পাৰ্বতী প্ৰসাদ বৰুৱা ( স্মৰণগীত )

©Admin
0
( জন্ম ১৯ আগষ্ট ১৯০৪ / মৃত্যূ ৭ জুন ১৯৬৪ )
পৰ্বতে পৰ্বতে ৰিঙে তোমাৰ সুৰৰ মায়া

জুৰিটিৰ ছন্দে গঁথা মধুৰ গীতৰ কায়া

অসমীয়া গানৰ জগতৰ বাৰভূইঞা 

গীতিকবি পাৰ্বতী প্ৰসাদ বৰুৱা

জয়মতীৰে লাই কোৱঁৰ বাল অভিনেতা

ৰূপকোৱঁৰৰ শোণিত কুৱঁৰীৰ চিত্ৰলেখা

লিখিলা কত যে নাট সুৰীয়া মোহনীয়া

ৰূপহী বোলছবিখনি যাউতি যুগীয়া

নাট্যসেৱী পাৰ্বতী প্ৰসাদ বৰুৱা

চাহ খেতি চহ কৰি ৰাইডাং সোণাৰি

ভাষা সাহিত্যৰ সেৱা ওৰে জীৱন ধৰি

অসম সাহিত্য সভাক আশ্ৰয়তে থাপি

দুখীয়া নিছলা আইৰ গৌৰৱক বঢ়োৱা

সাহিত্যসেৱী পাৰ্বতী প্ৰসাদ বৰুৱা

ৰূপোৱালী সপোনেৰে খাজুৰীৰ তলতে

জোনাকী মেল পাতিলা পূৰ্ণিমা নিশাতে

সত্ৰীয়া নাচৰে লাস্য তাণ্ডৱ নাচুৱৈ

চতাই পৰ্বতৰে নাগিনী নাচ ৰচি থোৱা

নৃত্যকুশলী পাৰ্বতী প্ৰসাদ বৰুৱা

গুৰুদেৱৰ আৰ্হি ৰাখি হিয়াৰে মাজতে

অনুপম ৰচিলা গীত নাই যে লেখতে

সঙ্কটৰে কালতে গাই দেশপ্ৰেমৰ গীত

সুধাকণ্ঠৰ লগত ওলাই শান্তিৰে ৰণুৱা

ৰাজপথগামী পাৰ্বতী প্ৰসাদ বৰুৱা  

অসমৰে চুকে কোণে মহিমা তোমাৰে

গীতৰ কথাত মজে সুৰৰ গহনতে বুৰে

সুকীয়া শৈলীৰে কালজয়ী সংগীত ৰচি 

ভঙা টোকাৰিৰ সুৰে ৰাইজক জগোৱা

সুৰ-চানেকি পাৰ্বতী প্ৰসাদ বৰুৱা

📝জ্যোতিষ 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)