জন্মদিনৰ উপহাৰ

©Admin
0


সেইদিনা শৰতৰ এটি ৰাতি আছিল
হঠাতে নিদ্ৰাৰ পৰা সাৰ পালোঁ
টিক টিক শব্দ কৰি থকা ঘড়ীটোলে চকু গ'ল
সময় হৈছিল ১২:০৫ 
মোবাইলটো হাতত লৈ সক্ৰিয় কৰিছিলোঁ 
Whatsapp টো
হঠাতে এটি বাৰ্তা পাই বুকুত হাজাৰ
চুনামীৰ সৃষ্টি হৈছিল

"তুমি মোক বেয়া পোৱাটোৱে বিচাৰো
তুমি মোৰ পৰা আতৰি থাকা
মই তাক এতিয়াও পাহৰি যাব পৰা নাই জানা
মই বহুত চেষ্টা কৰিলোঁ নোৱাৰিলোঁ
ক্ষমা কৰিবা আজি তোমাক কথাটো ক'ব নালাগিছিল
যিকিনহওক জন্মদিনৰ শুভেচ্ছা থাকিল।

সপোন নে বাস্তব গমেই নাপালোঁ
ক্ষন্তেক ৰৈ বাস্তবতাৰ উমান পাই
গাৰুটোত মুখখন থৈ উচুপি উঠিছিলো 
চকুলো দুগালৰে নিগৰি গাৰুটোত পৰিছিলগৈ
জেকা গাৰুটোৰ সুৱাস 
মই বাৰুকৈয়ে অনুভৱ কৰিছিলোঁ 

                                                     
📝দুস্মন্ত দাস
        মৰিগাঁও

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)