ৰংসনা মানুহ

©Admin
0

 ৰংসনা মানুহবোৰ
   ধৰিবই নোৱাৰি  |

   আমি পোণামাছবোৰে
   কোনোৱে চুই যোৱা বুলি
   আনজনে মিছিকিয়াই
   হঁহাদেখি পাহৰিয়েই যাওঁ
   আমি যে বনৰীয়া ফুল
   বাটৰ কাষৰ  |

   ৰংসনা মানুহেৰে
   ভৰি পৰিছে
   মানুহৰ পথাৰ   |
   কথাৰ পথাৰৰ পৰা
   বাচি বাচি ফুল তুলি
   ফুলজাৰি জ্বলাই  |

   আমি
   পথাৰৰ বোকাত নামি
   খেদেলি থাকো
   পোণা মাছ যে আমি  |

   ৰংসনা মানুহবোৰে
   মাটিৰ গান গায়
   মাটিৰ ৰথা কয়
   সিহঁতে কিন্তু
   মাটিত ভৰি নথয়   |

   আমি একাঠু বোকাত
   থিয় হ'ব পাৰো
   বোকাৰ গোন্ধত
   আস্বস্থ হব পাৰো   |

   আমি যে পোণা মাছ
   আমাক আদাজাল দি
   খাব খোজে
   ৰংসনা মানুহবোৰে   |

  📝হেমেন হাজৰিকা
                  মিৰ্জা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)