নৃত্যৰতা সোৱণশিৰি

©Admin
0
শীতত তৃষ্ণাতুৰ নদীৰ -
আজি উচ্ছল নৃত্য ।
উন্মাদ তৰংগৰে - উন্মাদিনী নদীৰ গান ।

গুৰু গম্ভীৰ নদীৰো থাকে দুষ্ট বাসনা ।
নদীৰ নৃত্য - আমাৰ হৃদয়ৰ জ্বৰ  ॥

বিশ্বাস কৰিব পাৰি  জানো
অসীমৰ নদীখন ।
বিশ্বাস হেৰুৱাই
অবিশ্বাসৰ পাত্ৰ হ'লা ॥

তোমাৰ হৃদয় গহ্বৰ ৰহস্যময়
বুজিব নোৱাৰি তোমাৰ চাকনৈয়া ।

'নদী' , তুমি নাৰী হয় জানো 
বিশ্বাস নহয় ।
বিশ্বাস কাহানিবাই 
হেৰুৱাই পেলাইছা ॥

তোমাক দেখি ভয় খাইছাে
হাড়লৈকে ভয় সোমাইছে ॥

কাৰ সুখ কাঢ়ি নিয়া নাই  তুমি,
মাত্ৰ নিজে সুখী হবলৈ শিকিলা
কাকো নুবুজিলা ॥

আজি, তুমি আনাকোণ্ডা  
নদীৰ নাম আনাকোণ্ডা ॥
অজগৰৰ দৰে গিলি লোৱা সকলো,
নৃত্যৰতা নদীয়ে কি ভাৱে
আমিতো নাজানো ॥

অযুত দুখৰ কঠীয়া সিঁচি থৈ
বৈ গৈছা তোমাৰ পিতৃগৃহলৈ ॥

যোৱা যোৱা, তুমি যোৱা গৈ
আমি  ছমাহ হলেওঁ 
সুখেৰে থাকোচােন ॥

📝মীনা পামে গাম

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)