অনুতাপ,ই এক পৰিণাম

©Admin
0
ঘৰখনৰ একমাত্ৰ ল'ৰা প্ৰণৱ।পিতৃ মাতৃৰ সৈতে একোখন গাঁৱৰ বাসিন্দা সিঁহত। দুবেলা দুমুঠিৰ অভাৱ নোহোৱাকৈ ঘৰখনক নিয়াৰিকৈ চলাই নিছে দেউতাকে।সৰুৰে পৰাই পঢ়াত আগবঢ়া শুনাৰ লগতে সকলো দিশতেই পাৰ্গত সি।মাক দেউতাকৰ সপোন এদিন সি নিজে উপাৰ্জন কৰি ঘৰখনৰ দায়িত্ব গ্ৰহণ কৰিব, পিতৃ মাতৃক সেৱা শুশ্ৰূষা কৰিব। পিছে সময়ৰ বতাহে কাক কেতিয়া উৰুৱাই নি ক'ত পেলাইগৈ সেয়া হয়তো অনুমান কৰাটো কঠিন!
     উচ্চশিক্ষাৰে শিক্ষিত হৈ আত্মনিৰ্ভৰশীলতাৰ দিশে অগ্ৰসৰ হোৱাৰ লক্ষ্যত আৰু মাক দেউতাকৰ সপোনক বাস্তবায়িত ৰূপ দিবলৈ বুলি সি গুৱাহাটীৰ এখন বিখ্যাত কলেজত নাম ভৰ্তি কৰে। যোৱাৰ পৰত দেউতাকে দিন হাজিৰা কৰি ৰাতিৰ সাজ লঘোনে থাকি হ'লেও প্ৰণৱক যিমান প্ৰয়োজন তাতোকৈ এক হাজাৰ বেছিকে দি পঠিয়াইছে, কিজানিবা তাৰ অসুবিধা হয়। মাকেও সকলো সা- সুবিধা কৰি দিছে। লাহে লাহে কলেজৰ ক্লাছ সমূহ আৰম্ভ হ'বলৈ ধৰিলে আৰু নতুন নতুন বন্ধুৰ লগত বন্ধুত্ব ও গঢ়ি তুলিলে। হোষ্টেলৰ সংগীৰ লগত লাহে লাহে গভীৰ বন্ধুত্ব গঢ়ি তুলিলে,সিহতৰ লগতে আলোচনা,আদ্দা আৰু বজাৰ সমাৰকে আদি কৰি বিভিন্ন কাম কৰে। মুঠতে মাক দেউতাকৰ লগত থকা প্ৰণৱ আৰু বৰ্তমান মহানগৰীৰত দেখা প্ৰণৱৰ মাজত যথেষ্ট পৰিবৰ্তন আহি পৰিল।নিতৌ নিজৰ কিতাপ পঢ়ি ভাল পোৱা,মাক দেউতাকৰ দুখ ভাগৰবোৰক অনুভৱ কৰিব পৰা সি এতিয়া ক্ৰমে পৰিবৰ্তনৰ দিশে ধাবিত।সময়ৰ প্ৰবাল সোঁতত উতি অহা যাবৰৰ মাজত হেৰাই যোৱাৰ দিশে অগ্ৰসৰ হৈছে। অতীতৰ লক্ষ্য, আকাংক্ষাবোৰ যেন সি পাহৰি জীৱন উপভোগ কৰাতহে নিমগ্ন। এতিয়া সি ঘৰলৈ  কেৱল টকা পইছাৰ সংক্ৰান্ত ফোন কৰে। অজলা অকৰা পিতৃ মাতৃয়ে পুত্ৰক ভাল মানুহ হ'ব বুলি ধাৰ ঋণ কৰিও সময়মতে টকাৰ যোগাৰ ধৰে। কিন্তু সি সেই টকাৰ উচিত ব্যবহাৰ নকৰি ‌কপালৰ ঘাম ‌মাটিত পেলাই উপাৰ্জন কৰা টকাক  তাৰ চিগাৰেটৰ ধোঁৱাত উৰুৱাই আনন্দ লয়।সকলো হয়তো সি পাহৰি পেলালে নিজৰ সামৰ্থ্য,অৱস্থা,সপোন। ইপিনে ঘৰত থকা মাক দেউতাকে সদায় তাৰ কথা চিন্তা কৰি পাৰ নাপায়,কি কৰিছে,কি খাইছে বা কেনেদৰে আছে, ভালদৰে পঢ়া-শুনা‌ কৰিছেনে ইত্যাদিবোৰ।দেউতাকেও নিজৰ শৰীৰত মাজে সময়ে দেখা দিয়া কাঁহ জ্বৰলৈ ভ্ৰুক্ষেপ নকৰি পুত্ৰৰ বাবে যা যোগাৰ কৰোতেই দিন গৈছে, তথাপি প্ৰণৱৰ যেন এতিয়া কোনো গুৰুত্বই নাই।
    বৰ্তমান পিছে সি চুড়ান্ত বৰ্ষৰ ছাত্ৰ। ডিষ্টিঙিচন লৈ উত্তীৰ্ণ হোৱা আগৰ প্ৰণৱ এতিয়া পঢ়া শুনাত বৰ অমনোযোগী হৈ পৰিল,সেয়ে তাৰ ৰিজাল্টৰ নম্বৰ অতি নিম্ন।সৰুৰে পৰাই যিটো ল'ৰাই ডাঙৰ হৈ এজন সমাজৰ তথা পিতৃ মাতৃৰ গৌৰৱৰ পাত্ৰ হোৱাৰ সপোনৰ বাট ৰচিছিল,সি এতিয়া ক্ৰমে ধংসৰ গঢ়াত। নিজৰ সংকল্প,নিজৰ বিবেকৰ পৰা বিচলিত হৈ মূল্যবান সময়ক উপভোগ কৰি জীৱন উৎযাপন কৰাৰ পৰিণতি কেনে বিষাক্ত সেই সম্পৰ্কে সি এতিয়া অবগত। মাক দেউতাকৰ পৰা আতৰত থাকি, পিতৃ মাতৃৰ কষ্টৰ ধন পানী কৰি এটোপোলা সপোনৰ ৰঙীণ আশাক নিৰাশালৈ বাস্তবায়িত কৰি প্ৰণৱে এতিয়াহে বুজি উঠিছে যে, জীৱনৰ মূল্য,সময়ৰ জ্ঞান আৰু আপোনজনৰ আশাৰ গুৰুত্ব।।।
       
   
 📝ময়ুৰী শইকীয়া
         যোৰহাট।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)