লগ পাম জানো

©Admin
0
লিখি আছো এ'বুকু দূখৰ কাহিনী
প্ৰতিটো শব্দ,প্ৰতিটো মূহুৰ্তয়ে টানিছে তোমাৰ কাষলে
কিন্তু নাই
মই  যাব পৰা নাই
কাৰণ তুমিযে এতিয়া বহু দূৰত ৷
তোমাৰ স্মৃতিয়ে কন্দুৱাইছে মোক,
কোনোৱে দেখা নাই,
কোনোৱে শুনা নাই,
কোনোৱে দিয়া নাই গুৰুত্ব।
সকলো এতিয়া ব্যস্ত ৷
সময় খহি পৰিছে এতিয়া,
চিনাকী-অচিনাকী পথত-
লগ পালো তোমাক,
কিন্তু  এতিয়া যে তুমি নাই!
আছে মাথো মৰীচিকা 
নিলাৰে ভৰা আকাশ.
আৰু আছে অস্তগামী সূৰুজৰ 
হেঙুল পোহৰ ৷
মোৰো উভতিবৰ সময় হ'ল এতিয়া।
লগ পাম জানো আকৌ তোমাক?


📝জাচিংফা গগৈ
তিনিচুকীয়া

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)