এন্ধাৰৰ পৰিপূৰ্ণতাত
মোৰ সত্বাত সৃষ্টিৰ অন্তঃসলীলা
সৃষ্টিৰ অসফলতাত
হঠাতে এদিন অন্তঃসৰ পৰা
বৈ আহে এধাৰি বেদনাসিক্ত ৰক্তাশ্ৰু
যেন আন এখনি ৰক্তগংগা
দৈনন্দিন সূচীৰ বিপৰীতে
বিচাৰো এক প্ৰাকৃতিক অব্যাহতি
লক্ষ্মণৰেখাৰে আগুৰা বৃত্তত
মোৰ সত্বাৰ চাৰিওফালে
পলুৰ দৰে আবেষ্টনীত
মই হওঁ গভীৰ ধ্যানমগ্ন
দৈহিক সন্তুলন বিচাৰি
পঞ্চদিৱসত পুৰণি শৃংখল এৰি
প্ৰস্তুতি আৰম্ভ হয়
আন এক নতুন শৃংখলৰ
ঈশ্বৰৰ অপৰূপ সৃষ্টি
মই এগৰাকী নাৰী ।
📝সৌৰভ কুমাৰ বৰুৱা
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ