সেউজীয়া -মোৰ পৃথিৱী ধুনীয়া

©Admin
0
সেউজীয়া, সেউজীয়া
এই পৃথিৱী মোৰ অতি মোহনীয়া
সৌৰজগতৰ গ্ৰহ আটাইতকৈ ধুনীয়া,
আছিল ঈশ্বৰৰ দান 
জীৱ শ্রেষ্ঠ মানৱৰ বাবে, 
শস্য, জল আৰু ফলে-ফুলে আৱৰা ।

পিছে অজ্ঞানী, অহংকাৰী এই মানৱ জাতি
নিজেই নিজৰ ধ্বংসৰ কাৰক
নুবুজিলে যি প্ৰকৃতিৰ দান
কৰি গল তহিলং এফালৰ পৰা 
পৰ্বত -পাহাৰ, নদ- নদী একাকাৰ কৰি
নিজৰ সৃষ্টিৰে অট্টালিকা সাজি--
ভূগৰ্ভ কৰিলে চিৰাচিৰ,
কাটি গছ-বন, বৃক্ষ তৰু- লতা, 
একালৰ সেউজীয়া কৰিলে মৰুভূমি ।

দুৰ্ভিক্ষ, বানপানী, গৰা খহনীয়া
দুৰাৰোগ্য ৰোগৰ কাৰণ 
আৰু কত প্ৰাকৃতিক দুৰ্যোগ
যদিহে ৰোধিব বিচৰা
সময় থাকোতেই প্ৰকৃতিক বচোৱা
প্রতিটো দিনেই পৰিবেশ দিৱস ভাবি
গছ পুলি ৰুই প্ৰতিপাল কৰা, 
প্ৰকৃতিৰ লগত সময় কটোৱা
ভাল পাবলৈ শিকা এই সেউজীয়া
আমাৰ ধৰণী ধুনীয়া ।

📝ডঃ কুঞ্জলতা গগৈ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)