দুৰ্বিষহ জীৱন মৰমে হেঁচুকা
নিৰাশাৰ গহ্বৰৰ ধুঁসৰিত মঞ্চৰ
এলান্ধু আৰু প্ৰতাৰণাৰে ভৰা নিমাষিত স্বপ্নভগা কাকলি।
আত্মছায়াৰ অস্থিৰতাই বিচাৰে দোলেৰে বন্ধা তপত চকুলো
আবেগে বৰ্ণাব মনৰ ভাষা,আলাপে পূৰাব হিয়াৰ বেথা।
কুঁৱলীৰ ফাঁকেৰে দেখা সেমেকা চকুহালে
অনুভৱৰ মিঠা নৈ খনত বিচৰণ কৰে
মুক্ত বিহংগৰ দৰে অলিয়ে গলিয়ে....
বন্যাত বিমুগ্ধ অনুৰাগত অৱগাহন
তেনেতে অপৰিচিত ৰেশে প্ৰজ্বলিত কৰে মোৰ উদাসীনতাক।
উপলা নৈৰ তাণ্ডৱ নৃত্যত
ডিঙিত পিন্ধে ৰঙা গোলাপ
কৃষ্ণচূড়াজোপাৰ ছিৰিলি পাতবোৰে সৰাইছে
এটোপ দুটোপ প্ৰেমৰ বৰষুণ।
সেৰেলুৱা ঠাণ্ডাত উমাল আস্বাদনত
ৰিঙা ৰিঙা ধূলিময় মনটো ফৰকাল।
সৰাপাতে বুকুঠেলি নতুনৰ গজালি মেলিছিল
.............................
ৰাতিৰ নৈশব্দতাত আজিও পাগুলি চাঁও
ৰহঢলা স্মৃতিবোৰ।
নিৰ্জনতাৰ মৌন ডাঠ কুঁৱলীৰ মই ব্যতিক্ৰমী নহয়
আকৰ্ণ অস্পষ্ট দুৰ্বলতাই জড়তা আছিল মোৰ
গধুৰ বতাহতো অহৰহ কঢ়িয়াই ফুৰা এটি চিত্ৰৰ দোল।
এতিয়া মাত্ৰ বিশাল ব্ৰহ্মপুত্ৰৰ বুকুৰ এটি দাগ মাত্ৰ।
📝পংখী মৰাণ (ধোনো)
ৱমেন কলেজ তিনিচুকীয়া
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ