মোৰ স্কুলীয়া জীৱনৰ অনুভৱ,খণ্ড- ০১

©Admin
0

স্কুলীয়া জীৱনটো মোৰ বাবে এক সোণসেৰীয়া আৰু অদ্ভুত সময় ৷

লগতে মোৰ বাবে আদৰ্শস্বৰূপ ৷

স্কুলৰ প্ৰথম দিনটো আৰু অন্তিম দিনটো মোৰ কাৰণে বহুত মহত্ত্বপূৰ্ণ ৷ কাৰণ যিদিনা স্কুলৰ চৌহদত পদাৰ্পণ কৰি আৰম্ভ কৰিছিলো জীৱনৰ জ্ঞানময় যাত্ৰাৰ আৰু অন্তিম দিনটোত জ্ঞান আৰু ন ন অভিজ্ঞতাৰ সৈতে নতুন আৰু স্বাধীন জ্ঞান যাত্ৰা আৰম্ভ কৰিবলৈ সুযোগ পাইছিলো ৷

স্কুলীয়া জীৱনতেহে অনুভৱ,উপলব্ধি, ধৈৰ্য্য, অনুশাসন , নিষ্ঠা, ন্যায় অন্যায় আৰু সময়ৰ সদব্যৱহাৰ আদিৰ সৈতে চিনাকি আৰু পালন কৰিব পৰা ক্ষমতা লাভ কৰিলোঁ ৷  বন্ধুত্বৰ আচল অৰ্থ বুজিলো আৰু জেষ্ঠলোকৰ প্ৰতি কেনেধৰণৰ ব্যৱহাৰ কৰা উচিত সেই কথা শিকিলো ৷

চমুকৈ কবলৈ গ'লে ছাত্ৰনাং অধ্যনং তপহঃ অধ্যয়নে ছাত্ৰৰ জীৱনৰ মূল লক্ষ্য কি ? 

এই সংকল্পৰ যোগেদি ছাত্ৰ জীৱনৰ মূল উদ্দেশ্য কি হোৱা উচিত

 সেই কথা শিকিলো  ৷ 

ভাল স্মৃতিয়ে হ'ল জীৱনৰ ভাল অনুভৱ ৷

গতিকে ভাল স্মৃতিতে আছে সুখ দুখ, হাঁহি কান্দোন, দুষ্টতা নম্ৰতা  ৰং ধেমালি আদি অনেক ধৰণৰ কথা ৷

স্কুলীয়া জীৱনতে শিকিবলৈ উত্তম অনুভৱ,অনুপ্ৰেৰণা , ভৰপূৰ আত্মাবিশ্বাস আৰু সৰ্বশ্ৰেষ্ঠ কৰিবলৈ ইচ্ছাশক্তি পালোঁ ।জীৱনৰ লক্ষ্য পথত কেনেকৈ আগবাঢ়ি যাব স্কুলীয়া দিনতে শিকিলো।  ৷ এয়া মোৰ জীৱনৰ বিশেষ অনুভৱ ৷

                  আগলৈ

📝দুলাল ৰবিদাস

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)