মই এখিলা
শুকান পাতৰ দৰে
ওলমি আছোঁ
নিৰস শুকান ঠালিটোত,
মনত হেজাৰ সপোনবোৰ
পুহি।
অলেখ যন্ত্ৰণাৰ মাজত
কালধুমুহাক ও নেওচি
পাৰ কৰিছোঁ
জীৱন ।
ফাগুনৰ বতাহত
সাৰ পোৱা ধূলিকণাই
আমনি দিব ধৰিছে
এতিয়া।
অকল শৰীয়া অনুভৱ হ'ব
তোমাৰ অবিহনে মোৰ
ভাগৰুৱা জীৱনত।
ফাগুনৰ বতাহৰ
তালে -তালে
মই নামিব খুজিছোঁ।
জিৰণি লব বিচাৰিছোঁ
এতিয়া
ধৰাৰ বুকুত।
📝নাৰায়ন বৰা
লংকা কাকী ৩
জিলা: হোজাই (অসম)
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ