উদং পথাৰৰ বুকুৰ পৰা
বিষন্ন আৱেলিটো
কুৰুকি কুৰুকি সোমাব ধৰিছে
ৰাতিৰ বুকুত।
সন্ধিয়াটো নামি আহিল
নিশাৰ এবুকু আন্ধাৰৰ স'তে।
ৰাতিবোৰ বাৰো কিয় ইমান গভীৰ
হয়টো আন্ধাৰৰ বাবে
আৰু আন্ধাৰে কঢ়িয়াই আনে
ভাষাহীন, নামবিহীন যন্ত্ৰনা।
এন্ধাৰ পথত মই
অকলশৰে নীঢ়মুখী পক্ষীজাকৰ সৈতে
জীৱনৰ পিছল বাটত
অন্তৰৰ বিৰহ-বেদনাৰ হুমুনিয়াহ লৈ
এন্ধাৰ জাকত
পোহৰ এধানি পোৱাৰ হেঁপাহত
আগবাঢ়ি যাওঁ।
কিন্তু নিষ্ঠুৰ পছোৱাই
উৰুৱাই লৈ গ'ল
পোহৰ জাকক,
ৰাতিৰ গভীৰতাত জাহ গ'ল
প্ৰতিটো আৱেলি,
প্ৰতিটো সন্ধিয়া।।
📝জাচিংফা গগৈ
জিলা- তিনিচুকিয়া
Hondiya abeli ktha nejanu....muthote Tumi mur jibonor rodali🤗
ReplyDelete