বাঘজানৰ বিননি

©Admin
0
        

কথা নোকোৱাকৈ
অহা জলন্ত অগ্নিকান্ডত
পুৰি ছাই হ'ল নিমিষতে
বাঘজান ॥

অগ্নিৰ সোঁ-সোঁৱনি
দপ -দপকৈ জ্বলা জুয়ে
পুৰি নিলে
আশা আকাংখাৰ চাকি - গচিও,
পুৰি ছাৰ-খাৰ কৰিলে আশাবােৰ ॥

মানুহৰ - ধৈৰ্য্যও পুৰি নিলে
মানুহৰ - মন মগজুৰ চিন্তা স্তব্ধ কৰি দিলে ॥

বিধ্বংশী জুয়ে 
একোৱেই নাৰাখিলে ।
কি পশুধন
কি সম্পত্তি
কি মানৱ জীৱ
জীৱ -জন্তু
জীৱ -অণুজীৱ
কোনাে বাচি নাথাকিল 
শেষ, সকলো শেষ ॥

নাই নাই !!
কিহৰ বাবে হ'ল !!
প্ৰশ্ন কৰা !!
বিচাৰ কৰা !!
যদিও,  ঘূৰাই  নোপোৱা সম্পদবােৰ !!!!

অগ্নিস্নানৰত মাটিবােৰ
আকৌ উৰ্ব্বৰা হ'বলৈ 
এযুগ লাগিব ॥

যাৰ যি গ'ল - গ'ল
দুনাই নাপাবা উৰ্ব্বৰা মাটি ॥

সেই মাটিত
নগজিব বন ।
ভাল তৰু- তৃণ গজিবলৈ
বহু বছৰ লাগিব ।
উৰ্ব্বৰা মাটি পাবলৈ
পুনৰ শইচ গজাবলৈ
নাপাবা ততালিকে
সােণ - সেউজীয়া মাটি ॥

তোমালোকৰ টকাৰ পাহাৰে
উদ্ধাৰ কৰিব নোৱাৰে
বাঘজানৰ মাটি ॥

টকাৰে মাটি গঢ়িব নোৱাৰি 
সেই টকাৰ কোনো মূল্য নাই ॥

মাটিৰ মূল্য
জীৱন - জীৱিকাৰ মূল্য
মানুহৰ সুষ্ঠ জীৱনৰ মূল্য
ধৰিত্ৰীৰ সম্পদবােৰ ---
কোটি কোটি টকাৰ মূল্যতকৈ
কেতিয়াও- বেছি মূল্যবান হ'ব নোৱাৰে ॥

এ-পাহাৰ  টকাৰে
বাঘজান কাহানিও
বনাব নোৱাৰিবা ॥

গ'ল, গ'ল 
বাঘজান গ'ল
হেৰুৱা বাঘজান ঘূৰি 
নাহে কেতিয়াওঁ ॥

মাটিৰ কান্দোন
মানুহৰ কান্দোন
জীৱৰ কান্দোন
বনৰ কান্দোন
একাকাৰ হৈ গ'ল
বাঘজানত, আত্মাই বিনাব যুগে যুগে ॥

📝মীনা পামে গাম

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)